অসম

assam

By

Published : Jul 29, 2020, 7:11 PM IST

ETV Bharat / city

যোৰহাটত নাগৰিক সমাজৰ বিশেষ সংবাদমেল

যোৰহাটত নাগৰিক সমাজৰ বিশেষ সংবাদমেল ৷ ক'ভিড আক্ৰান্ত নোহোৱা ৰোগীক উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী ৷

Civil society's pressmeet in Jorhat
যোৰহাটত নাগৰিক সমাজৰ বিশেষ সংবাদমেল

যোৰহাট, 29 জুলাই : দেশৰ লগতে ৰাজ্যত এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা । ক'ভিড ৰোগক প্ৰতিহত কৰিবলৈ উঠি পৰি লাগিছে স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য চৰকাৰে‌ । তাৰ ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ স্বাস্থ্য বিভাগো । যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে উপ-স্বাস্থ্য কেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে ক'ভিড কেয়াৰ চেন্টাৰলৈ পৰিৱৰ্তন কৰা হৈছে ।

যোৰহাটত নাগৰিক সমাজৰ বিশেষ সংবাদমেল

কিন্তু এনে সময়তে ক'ভিডৰ বাহিৰে আন জটিল ৰোগত আক্ৰান্ত ৰোগীসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে । উপযুক্ত চিকিৎসা নোপোৱাকৈ বহুলোকৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ নাগৰিক সমাজে । এই সম্পৰ্কত বুধবাৰে যোৰহাটৰ জেল ৰ'ড ক্লাৱত এখন গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰা হয় ৷ বিশিষ্ট অধিবক্তা ৰিন্টু গোস্বামীৰ উদ্যোগত অনুষ্ঠিত এই সংবাদমেলৰ পাচতে উপায়ুক্ত যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰা হয় ৷

যোৰহাটত নাগৰিক সমাজৰ বিশেষ সংবাদমেল

নাগৰিক সমাজে দাবী কৰা অনুসৰি,ক'ভিডৰ বাহিৰে অন্য ৰোগীসকলকো উপযুক্ত চিকিৎসা প্ৰদান কৰা উচিত ৷ ইয়াৰোপৰি,ক'ভিড টেষ্টৰ ফলাফল কম দিনৰ ভিতৰতে দিবলৈও আহ্বান জনাই নাগৰিক সমাজে ৷ বিধানসভাৰ অধ্যক্ষক মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ লগত বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ আহ্বান জনোৱাৰ লগতে সমগ্ৰ ৰাজ্যখনতে তৎকালীনভাৱে নন-ক'ভিড ৰোগীৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই নাগৰিক সমাজে ৷

লগতে পঢ়ক :পৰিৱেশৰ প্ৰভাৱ মূল্যায়ন আইনে বিপদঘণ্টা কঢ়িয়াব অসমলৈ: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details