অসম

assam

By

Published : Oct 22, 2019, 8:54 PM IST

ETV Bharat / city

যোৰহাট চিকিৎসা মহাবিদ্যালয় নৱজাতকৰ মৃত্যুৰ হাৰ বৃদ্ধি !

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ মৃত্যুৰ হাৰক লৈ প্ৰতিক্ৰিয়া । ১ অক্টোবৰৰ পৰা ২১ অক্টোবৰ লৈকে ৪৫জন নৱজাতকৰ মৃত্যুৰ অভিযোগ নাকচ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ ।

child death rate in jorhat medical college

যোৰহাট, 22 অক্টোবৰ: বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ মাত্ৰ এসপ্তাহত ৪৫ টা নহয় মাত্ৰ ২২ টাকৈ নৱজাতকৰ মৃত্যু। এই কথা স্পষ্ট কৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ অভিযোগ অনুসৰি,চিকিৎসা মহাবিদ্যালয়খনত বিগত তিনি মাহত ১২২ টা শিশুৰ মৃত্যু ঘটা বুলি কোৱা হৈছে ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ মৃত্যুৰ হাৰক লৈ উদ্বিগ্নতা

জানিব পৰা মতে,এই বৰ্ষত নৱজাতকৰ মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাইছে যদিও এতিয়াও উন্নত হোৱা নাই চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঠনি । বিগত তিনি মাহত ৯৬৫ টি নৱজাতক ভৰ্তি হৈছিল আৰু তাৰে ভিতৰত ১২ শতাংশ অৰ্থাৎ১২২ টি নৱজাতকৰ মৃত্যু ঘটিছে ৷ আনহাতে যোৱা অক্টোবৰ মাহত চিকিৎসা মহাবিদ্যালয়খনত শিশুৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক বুলি জানিব পৰা গৈছে ৷ একাংশ অভিভাৱকে চিকিৎসক তথা নাৰ্ছে কৰ্তব্যত হেমাহি কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ৷

ABOUT THE AUTHOR

...view details