অসম

assam

By

Published : Oct 19, 2020, 9:55 AM IST

ETV Bharat / city

টীয়কত কংগ্ৰেছ,অগপ এৰি গেৰুৱা বসন পিন্ধিলে শতাধিক সদস্যই

যোৰহাট জিলা টীয়কত অনুষ্ঠিত BJP ৰ এখন সাংগঠনিক সভাত শতাধিক সদস্যই বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

BJP Election Meeting Held At Teok
টীয়কত কংগ্ৰেছ,অগপ এৰি গেৰুৱা বসন পিন্ধিলে শতাধিক সদস্যই

টীয়ক, 19 অক্টোবৰঃ ভাৰতীয় জনতা দলৰ টীয়ক সমষ্টিৰ চিপাহীখোলা মণ্ডলৰ উদ্যোগত কাকজান বন পিঠাগুৰি ৰংগমঞ্চত এখনি সাংগঠনিক আৰু যোগদান সভা অনুস্থিত হয়৷ উক্ত সভাখন চিপাহীখোলা মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰঠাকুৰে সভাপতিত্ব কৰে ৷

টীয়কত কংগ্ৰেছ,অগপ এৰি গেৰুৱা বসন পিন্ধিলে শতাধিক সদস্যই

আগন্তুক বিধান সভা 2020 চনৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰতেকটো ৰাজনৈতিক দলেই ৰণ কৌশল তৈয়াৰ কৰিছে ৷ আৰম্ভ হৈছে ইটো ৰাজনৈতিক দলৰ পৰা আন এটা ৰাজনৈতিক দলত যোগদান কাৰ্যসূচী ৷ সমান্তৰালকৈ বিজেপি দলটোৱেও ইতিমধ্যে নিৰ্বাচনৰ বাবে তঙালি বান্ধি ইখনৰ পিছত আন এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে ৷ ইফালে যোৰহাট জিলা টীয়কৰ কাকজান বন পিঠাগুৰি ৰংগমঞ্চত এখনি সাংগঠনিক আৰু যোগদান সভা অনুস্থিত কৰা হয়।

এই সভাত কংগ্ৰেছ,অগপ দলৰ প্ৰায় শতাধিক সদস্যই নিজ নিজ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে । উক্ত সভাত ৰাষ্ট্ৰীয় কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰা,ৰাজ্য সভাৰ সাংসদ কামাখ্যা তাছা,জিলা সভাপতি কামাখ্যা মোহন দাস,প্ৰাক্তন সভাপতি জিতু হাজৰিকা,ৰাজ্যিক বিজেপিৰ কাৰ্য নিৰ্বাহকৰ সদস্য দেৱজিত বৰুৱা,জিলা সম্পাদক অমৰ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও নেতা কৰ্মকৰ্তা উপস্থিত থাকি নৱাগত সকলক স্বাগতম জনাই ৷ লগতে অনাগত দিনত সকলোৱে একেলগে দেশৰ উন্নতিৰ বাবে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয়।

উক্ত সভাতে জিলাৰ সভাপতি গৰাকীয়ে অহা নিৰ্বাচনত ব্যক্তিগত তথা দলীয়ভাৱে প্ৰাৰ্থীক নাচাই মিত্ৰ যোঁটৰ প্ৰাৰ্থীকে ভোট দান কৰিবলৈ সকলোকে আহ্বান জনায় । উল্লেখযোগ্য যে, 2016 চনৰ নিৰ্বাচনত অগপক যিহেতু বিজেপিয়ে সমষ্টিটো এৰি দিছিল,সেয়ে এইবাৰ ২১ত বিজেপিয়ে মিত্ৰ জোঁটৰ প্ৰতি সন্মান জনাই সমষ্টিটো বিজেপিক এৰি দিব লাগে বুলি সমষ্টিটোৰ সদস্য সকলে ইতিমধ্যে জিলা বিজেপিলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক- প্ৰৱল উচাহেৰে ৰাইজৰ মাজলৈ ‘ৰাইজৰ দল’

ABOUT THE AUTHOR

...view details