নিউজ ডেস্ক, 13 জুলাই:বহুতে কৈছে তাই নিৰ্দোষী, আন বহুতৰ মতে আকৌ তাইক জেলতেই ৰাখিব লাগে ৷ মুঠতে আজি চৰ্চা কেৱল তাইক লৈ (Demand for free Barshashree) ৷ দুমাহ আগতে যেতিয়া তাইক বন্দীশালত ভৰাই থোৱা হৈছিল তেতিয়া কিন্তু বিষয়টো কোনোৱেই গুৰুত্ব দিয়া নাছিল ৷ আজি তাইৰ মুক্তি বিচাৰি মাত মাতিছে বহুতেই, ফেচবুক ভৰি পৰিছে তাইৰ বিষয়ে কৰা চৰ্চাৰে ৷ সেই তাই জনী হৈছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই ৷ যাক এটা ফেচবুক পোষ্টৰ বাবে দোষী সাব্যস্ত কৰি কাৰাবন্দী কৰি ৰখা হৈছে বিগত দুমাহে (Barshashree Burhagohain in jail) ৷
টীয়ক কাৱৈমাৰীৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ স্নাতক শাখাৰ ছাত্ৰী গৰাকীয়ে নিজৰ ফেচবুকত আপলোড কৰিছিল এটা পোষ্ট ৷ য’ত তেওঁ লিখিলছিল ‘‘বিপ্লৱী মনটোক যেতিয়া বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়া হয়, তেনেহ’লে মই এনেকুৱা হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰি যাম’’ ৷ যোৱা 8 এপ্ৰিলত কৰা সেই পোষ্টটোৰ পাচতেই আৰক্ষীয়ে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰি বিগত দুমাহে বন্দী কৰি ৰাখিছে (Barshashree Burhagohain in jail) ৷ বৰ্ষাশ্ৰী হৈছে যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ গণিত বিভাগৰ স্নাতক দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰী ৷
উল্লেখ্য যে, নিজৰ লেখা-মেলাৰ জৰিয়তে ছাত্ৰীগৰাকীয়ে যুৱচামক বিপ্লৱমুখী হ’বলৈ প্ৰেৰণা যোগোৱা বুলি এক অভিযোগ উত্থাপিত হৈছিল ৷ সূত্ৰৰ খবৰ অনুসৰি প্ৰথমাৱস্থাত আৰক্ষীয়ে তেওঁক বুজাই-বঢ়াই পঠিয়াই দিয়ে ৷ কিন্তু তথাপিতো থমকি ৰোৱা নাছিল বৰ্ষাশ্ৰীৰ কলম ৷ পৰৱৰ্তী সময়ত যোৱা 3 মে’ত পুনৰ তেনে এটা বিপ্লৱধৰ্মী কবিতা লিখাৰ বাবে উৰিয়ামঘাট আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তেওঁক জেললৈ প্ৰেৰণ কৰে ৷
যোৱা 18 মে’ত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল বৰ্ষাশ্ৰীক ৷ সেইসময়ত এই বিষয়টোৱে কোনো গুৰুত্ব লাভ কৰা নাছিল যদিও এতিয়া সমগ্ৰ ৰাজ্যতে ই ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷ ৰাজ্যৰ একাংশ সাংবাদিক, ৰাজনৈতিক নেতা, দল-সংগঠনৰ নেতা তথা বহু সাধাৰণ লোকে নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰৰ প্ৰসংগত ৷ বহুতেই বিষ্ণু ৰাভা, অম্বিকাগিৰি ৰায় চৌধুৰীৰ উদ্ধৃতি দি ছাত্ৰী গৰাকীক মুকলি কৰি দিয়াৰ আহ্বান জনাইছে ৷ কিয়নো অহা 18 জুলাইৰ পৰা অনুষ্ঠিত হ’ব তেওঁৰ স্নাতক শাখাৰ দ্বিতীয় ষাণ্মাষিকৰ পৰীক্ষা ৷