যোৰহাট, 17 মাৰ্চ :উজনি অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাট ষ্টেডিয়াম । ১৯৫০ চনত স্থাপন হোৱা এই ষ্টেডিয়াম বহু ঐতিহ্যমণ্ডিত খেলৰ সাক্ষী । অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফুটবল খেল বুলি ক’লে এ টি পি এ ফুটবল খেলখনৰ (ATPA Shield Football Tournament) ঐতিহ্য কিছু পৰিমাণে ম্লান পৰিছিল যদিও পুনৰ সেই ঐতিহ্য ঘূৰাই অনা প্ৰয়াস কৰা হৈছে । ৩০ মাৰ্চৰ পৰা যোৰহাট ক্ৰীড়া সন্থাৰ উদ্যোগত ৫৭ সংখ্যক এ টি পি এ শ্বিল্ড অনুষ্ঠিত হ’ব ।
বিগত দুটা বৰ্ষ ক’ভিডৰ বাবে অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল এই প্ৰতিযোগিতাখন । কিন্তু এই বৰ্ষ পুনৰ ফুটবল খেলখন আৰম্ভ হ’ব । ইতিমধ্যে দহটাকৈ দলে এইবাৰ খেলখনত অংশগ্ৰহণ কৰিব । অইল ইণ্ডিয়া, অসম পুলিচ ব্লুজ, গোৰ্খা ৰেজিমেন্ট শ্বিলং, বডৌচা এফ চি, নামবৰ এফ চি, আই এছ এলৰ দলৰ নৰ্থ ইষ্ট ইউনাটেড, এন আৰ এল কচিঙৰ লগতে যোৰহাট এ-ডিভিজনৰ চেম্পিয়ন ক্লাৱ আৰু ৰাৰ্ণাৰ আপ ক্লাৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ।