অসম

assam

By

Published : Oct 4, 2019, 2:18 AM IST

ETV Bharat / city

অতি শীঘ্ৰে শংকৰদেৱৰ নামেৰে ইউনিকোডত অসমীয়া আখৰ

আমেৰিকাত কর্মৰত অসমীয়া গৱেষক বিজ্ঞানীৰ প্ৰশংসনীয় পদক্ষেপ ৷

অতি শীঘ্ৰে শংকৰদেৱৰ নামেৰে ইউনিকোডত অসমীয়া আখৰ

যোৰহাট, 3 অক্টোবৰ: শাৰদীয় দুর্গোৎসৱৰ প্ৰাক মুহূর্তত অসমবাসীৰ বাবে নতুন কৈ আহিছে এক সু-খবৰ ৷ অতি শীঘ্ৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ নামত ইউনিকোডত উপলব্ধ হ'ব অসমীয়া আখৰ ৷ অসমীয়া ভাষাৰ লিখাৰ প্ৰযুক্তি দ্ৰুততৰ কৰা আৰু অসমীয়া ভাষাৰ লিখনি ডিজিটেল ৰূপত উপলব্ধ কৰাৰ লক্ষ্য আগত ৰাখি এই বিষয়ে চিন্তা-চৰ্চা কৰি ইতিমধ্যে আখৰ সৃষ্টিৰ কাম আৰম্ভ কৰিছে আমেৰিকাৰ মেছাছূছেটছ ইন্সটিটিউত অৱ টেকনলজিত গৱেষক বিজ্ঞানী হিচাপে কর্মৰত অসম সন্তান ড' কিশোৰী মোহন কোঁৱৰে ৷ বৃহস্পতিবাৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ গণ সংযোগ বিভাগে আসামিছ চছাইটি ফৰ ইন্টানেচনেল কো-অপাৰেচন সহযোগত যোৰহাট প্ৰেচ ক্লাবত আয়োজন কৰা এক বক্তৃতা অনুষ্ঠানত অংশলৈ নিজ ভাষণত সাংবাদিকৰ আগত এই কথা স্পষ্ট কৰে ড' কিশোৰী মোহন কোঁৱৰে ৷

আমেৰিকাত কর্মৰত অসমীয়া গৱেষক বিজ্ঞানীৰ প্ৰশংসনীয় পদক্ষেপ

"ইউনিকড আৰু অসমীয়া ভাষাৰ ভৱিষ্যত", শীৰ্ষক বক্তৃতা প্ৰদান কৰি গৱেষক বিজ্ঞানী গৰাকীয়ে কয় যে," ইউনিকোডত অসমীয়া ভাষা অসমীয়াৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে ৷ এই বিষয়ত কৃটিম মগজুৰ সহায় লৈ লিখাৰ পদ্ধতিৰ কেনেকৈ উন্নতি সাধিব পাৰি, কেনেকৈ অসমীয়া ভাষাত সৰ্বসাধাৰণ মানুহে লিখা মেলা কৰিব পাৰে সেইয়াহে চিন্তা কৰা দৰকাৰ" ৷ ইয়াৰ উপৰিও বিজ্ঞানী গৰাকীয়ে ইউনিকোড সম্পৰ্কত চলি থকা ভ্ৰান্ত ধাৰণা আতৰ কৰি সঠিক আখৰ, শুদ্ধ যুক্তাক্ষৰ তৈয়াৰ কৰাৰ পক্ষে নিজৰ মত পোষণ কৰে ৷ আনহাতে দৃশ্য শ্ৰাব্য মাধ্যমৰে ইউনিকোডত অসমীয়া বৰ্তমানৰ অৱস্থিতি আৰু ভৱিষ্যত সম্পৰ্কে বাখ্যা আগবঢ়াই বৃক্ততাৰ শেষত আমেৰিকাস্থিত অসমীয়া বিজ্ঞানীজনে অসমীয়াই নিজৰ ব্ৰেণ্ড নিজে তৈয়াৰ কৰিব লাগিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে ৷ ইফালে অনুষ্ঠানৰ শেষত অসম বন্ধু নামৰ এটা সংগঠনৰ তৰফৰ পৰা গৱেষক বিজ্ঞানী গৰাকীক বিশেষ ভাৱে সম্বদ্ধনা জনোৱা হয় ।

ABOUT THE AUTHOR

...view details