যোৰহাট,17 আগষ্ট: ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ নামত চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটাৰ শিক্ষা ইংৰাজী ভাষাত প্ৰদানৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তত এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । চৰকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে ।
চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰী সিদ্ধান্তৰ প্ৰতি বিৰোধিতা প্ৰদৰ্শন কৰি আজি গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী(AJYCP oppose Assam Cabinet decisions) ৷ যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে আজি তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰাথমিক বিদ্যালয় সমূহত মাতৃভাষাৰ মাধ্যমত শিক্ষা দানৰ ব্যৱস্থা কৰা, ৰাজ্যখনৰ প্ৰতি পাঁচ কিলোমিটাৰত বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন, তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদানৰ সিদ্ধান্ত বাতিল কৰাকে ধৰি কেইবাটাও দাবীৰে আজি সংগঠনটোয়ে প্ৰতিবাদ সাব্যস্ত কৰে(National Education Policy) । ইংৰাজী ভাষাত পাঠদানৰ সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰিলে অনাগত দিনত সংগঠনটোয়ে জংগি আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক:চৰকাৰে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ ধ্বংসৰ বাট মুকলি কৰিছে : অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদ