অসম

assam

By

Published : Nov 21, 2021, 12:45 PM IST

ETV Bharat / city

অসম কৃষি বিশ্ববিদ্যালয়ৰ পথাৰ দিৱস উদযাপন

কৃষকৰ মাজলৈ আহিব নতুন জাত 'নুমলী' ২০০ বিঘা মাটিত ক'লাধানৰ খেতি ৷ যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়ৰ পথাৰ দিৱস উদযাপন ৷

Assam Agricultural University celebrates Field Day
অসম কৃষি বিশ্ববিদ্যালয়ৰ পথাৰ দিৱস উদযাপন

যোৰহাট ,21 নবেম্বৰ :অসম কৃষি বিশ্ববিদ্যালয়ৰ(Assam Agricultural University) পথাৰ দিৱস (Pathar Divas)উদযাপন । ভাত(Rice) খাব পৰা ক'লাধানৰ খেতিৰ ধানকটা আৰম্ভ । অহা বছৰ ২০০ বিঘা মাটিত কৰা হ’ব ক'লাধানৰ খেতি (Black rice cultivation )। কৃষকৰ মাজলৈ আহিব নতুন জাতৰ 'নুমলী'(Numali) ।

অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ক'লাধানৰ চাউলৰ ভাত খাই অসমৰ জনসাধাৰণে অধিক পৰিপুষ্টি অৰ্জন কৰাই নহয় এই ধানৰ খেতি কৰি অসমৰ কৃষক সকল অধিক উপকৃত হোৱাৰ দিশে আগবাঢ়িছে । কৃষিভিত্তিক অসমৰ অৰ্থনীতি সলনি কৰি দিব পৰাৰ সম্ভাৱনা থকা ক'লাধানৰ ২০ কুইন্টল বীজ উৎপাদনৰ জৰিয়তে এই দিশত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পথাৰ দিৱস উদযাপন

শনিবাৰে গোলাঘাট জিলাৰ মেৰাপানীৰ গমাৰিগুৰি গাওঁত পৰীক্ষামুলকভাবে কৰা ক'লাধানৰ খেতিৰ ধানকটা আৰম্ভ হোৱাৰ লগে লগে এই দিশত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে । একেসময়তে বছৰি দুবাৰ খেতি কৰি অসমৰ অৰ্থনীতি সলনি কৰাৰ বাবে 'নুমলী ' নামৰ আন এটা কম সময়ত উৎপাদিত ধানৰ জাতো কৃষকৰ মাজলৈ অহা বৰ্ষত মুকলি কৰি দিয়াৰ কথা ঘোষণা অসম কৃষি বিশ্ববিদ্যালয়ৰ ।

মেৰাপানীৰ চাউদাং পথাৰ গাওঁত 'নুমলী' ধানৰ ধানকটা পৰ্ব আৰম্ভ হোৱাৰ লগে লগে এই দিশতো সম্ভাৱনাৰ সৃষ্টি হৈছে । মেৰাপানীৰ গমাৰিগুৰি আৰু চাউদাং পথাৰ গাওঁত অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাঁবৰ আঞ্চলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত পথাৰ দিৱস পালন কৰি অসমৰ কৃষি অৰ্থনীতিৰ সম্ভাৱনীয়তাৰ এই দিশ মুকলি কৰা হয় ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পথাৰ দিৱস উদযাপন

পথাৰ দিৱসৰ এই কাৰ্যসূচীত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই কয় যে "ভাল বীজ অবিহনে এটা ভাল খেতি কেতিয়াও হ'ব নোৱাৰে । আমাৰ পথাৰ আমাৰ বজাৰ তেতিয়াহে সফল হ'ব যেতিয়া আমি পথাৰখনক বজাৰলৈ ৰূপান্তৰ কৰিব পাৰিম । কৃষকে কেৱল উৎপাদনৰ লগতে বজাৰৰ দিশৰ ওপৰতো গুৰুত্ব দিব লাগিব । কেৱল কৰিব লাগে কাৰণে খেতি কৰাৰ সলনি হিচাপ নিকাচ ভালকৈ কৰিব লাগিব । ধান কাটি ওজন লোৱালৈকে সকলো চাই কৃষিক প্ৰকৃতপক্ষে বাণিজ্যলৈ ৰূপান্তৰ কৰিব লাগিব"।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পথাৰ দিৱস উদযাপন

সভাৰ উদ্দেশ্য বাখ্যা কৰি তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° সঞ্জয় কুমাৰ চেতিয়াই কয় যে , "গমাৰিগুৰি গাওঁত উৎপাদিত বীজৰ জৰিয়তে অহা বছৰে ২০০ বিঘা মাটিত ক'লা ধানৰ খেতি কৰি ২০০ টন বীজ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে" । বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে কয় যে ,"জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটত আমি আমাৰ কৃষি ব্যৱস্থাত জাত নিৰ্বাচন আৰু সময়োচিত প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব । এই দিশত অসম কৃষি বিশ্ববিদ্যালয়েও জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটে অনা সমস্যা মোকাবিলা কৰিব পৰা জাত নিৰ্বাচন কৰি কৃষকক উপকৃত কৰিবলৈ যত্ন কৰিছে । উচ্চ উৎপাদনক্ষম এইসমূহ জাতে কৃষকক উপকৃত কৰাৰ লগতে এই জাতৰ ধানৰ খেতি কৰি বীজ উৎপাদন কৰি দুগুণ আয় কৰিবলৈ সক্ষম হৈছে" ।

জলবায়ু স্থিতিশীলতা প্ৰকল্পৰ অধীনত অনুষ্ঠিত কৰা এই পথাৰ দিৱসৰ কাৰ্যসূচীত কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, জ্যেষ্ঠ বিজ্ঞানী ড° তপন জ্যোতি ঘোষ, বুবুল দাস, ভৱেশ ডেকা, কৃষি বিষয়া ড° সুমন্তজিত ভূঁঞা, প্ৰগতিশীল কৃষক হেমন্ত দাস আৰু মোহন বৰা, ধৰ্মেশ্বৰ দাস, অৰুণ ৰাজবংশী , এলাইদ ক্ৰপছ কেয়াৰ প্ৰাঃ লিমিটেডৰ শংকৰাচাৰ্য ৰাভা কে ধৰি বহুসংখ্যক প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোগীয়ে অংশ গ্ৰহণ কৰে এই অনুষ্ঠানত।

লগতে পঢ়ক :BTR Chief at Thaikarakuchi : শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ ঘৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Chief Pramod Bodo)

ABOUT THE AUTHOR

...view details