যোৰহাট,৯ ডিচেম্বৰ :অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৱ কৃষি জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ উদ্যোগত কৃষকৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এই কাৰ্যসূচীৰ অংশ হিচাপে ২৩ নবেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ কৃষকৰ পথাৰত তিনিখনকৈ সজাগতামূলক কৰ্মশালা অনুষ্ঠিত কৰা হয় (Awareness Workshop of NE Agricultural Biotechnology Centre) । জলবায়ু পৰিবৰ্তনৰ প্ৰেক্ষাপটত কৃষি তথা সমন্বিত পাম ব্যৱস্থা কৰ্মসূচীৰ অধীনত ইউৰোপীয় কমিছনৰ অৰ্থ সাহায্যৰে এডপ্টনেট এন ই প্ৰকল্পৰ জৰিয়তে ২৬ নবেম্বৰত মাজুলীৰ বিজয় চাপৰি অঞ্চলত কৰ্মাশালা অনুষ্ঠিত হয় ।
একে সময়তে এই অঞ্চলত অনুষ্ঠিত দুখনকৈ কৰ্মশালাত ৩০ গৰাকী মহিলা কৃষকে অংশ গ্ৰহণ কৰে । স্বেচ্ছাসেৱী সংস্থা 'কৃষ্টিৰ কঠীয়া'ৰ উদ্যোগত ২৬ নবেম্বৰৰ পৰা যোৰহাটৰ নকচাৰীৰ গাভৰু আলি গাওঁত তৃতীয়খন কৰ্মশালা অনুষ্ঠিত হয় (Agricultural Awareness Workshop at Jorhat) । এই কৰ্মশালাত জৈৱিক কৃষিৰ উত্তৰণৰ বাবে পদক্ষেপ লোৱাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয় ।