যোৰহাট, 6 ফেব্ৰুৱাৰী: পুনৰ পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশকীয় সামগ্ৰী সমূহৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সৰ্বসাধাৰণ ৰাইজক ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল সংগঠনে ভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালকৈ যোৰহাটতো কংগ্ৰেছ দলে পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে চহৰ খনৰ মাজ মজিয়াত 3 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট - কংগ্ৰেছ
পেট্ৰ'ল,ডিজেলকে ধৰি সকলো অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত শুকুৰবাৰে কংগ্ৰেছ দলৰ সদস্য সকলে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অতি শীঘ্ৰে মূল্যবৃদ্ধিৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷
মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট
অতি শীঘ্ৰে পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশকীয় সামগ্ৰী সমূহৰ মূল্য হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷ অন্যথা অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন সাংসদ দীপ গগৈ,প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীসহ বহু কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহন কৰে ৷
লগতে পঢ়ক-ৰাজ্যৰ বান ব্যৱস্থাপনাৰ বাবে 1286.39 কোটি আৱন্টন একাদশ বিত্তীয় আয়োগৰ