যোৰহাট, 29 মে': যোৰহাটৰ চিনামৰাস্থিত অ'এন জি চিৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ২৮ মে'ৰ নিশা সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ। সৰ্ব ভাৰতীয় ট্ৰেড টেষ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত ২৩০জনকৈ শিক্ষাৰ্থীৰ লগতে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি তুলিছিল কাৰ্যালয়ৰ চৌহদ ৷ যাৰ ফলত মাজনিশা পৰ্যন্ত কাৰ্যালয়তে বন্দী হৈ পৰিছিল কাৰ্যালয়ৰ কৰ্মচাৰীসকল ৷
প্ৰতিবাদকাৰীৰ ওচৰত নতশিৰ চিনামৰাস্থিত অ'এন জি চি
যোৰহাটৰ চিনামৰাস্থিত ভাৰতীয় প্ৰাকৃতিক তেল আৰু গেছ নিগমৰ একাংশ বহিৰাগত বিষয়াৰ অসমীয়া বিৰোধী স্থিতি আৰু মই-মতালীৰ বাবেই বহু সংখ্যক শিক্ষিত প্ৰশিক্ষাৰ্থীয়ে বঞ্চিত হ'ব লগা হয় এন আই টি টি পৰীক্ষাত ৷ সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হোৱাৰ ফলতে ২৮ মে'ৰ পৰা নিশা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল প্ৰশিক্ষাৰ্থীসকলে ৷
শেষত যোৰহাট জিলা উপায়ুক্তই ব্যক্তিগতভাৱে প্ৰতিবাদকাৰীসকলক আশ্বাস দিয়াত প্ৰতিবাদী কাৰ্যসূচী সাময়িক ভাৱে শাম কাটে ৷ বুধবাৰে যোৰহাট জিলা উপায়ুক্ত গৰাকীৰ সৈতে বঞ্চিত শিক্ষাৰ্থী,ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ এটা সঁজাতি দল আলোচনাত মিলিত হয় ৷ এই আলোচনাত যোৰহাট জিলা উপায়ুক্ত গৰাকীয়ে ভাৰত চৰকাৰৰ কৌশল বিকাশ মন্ত্ৰণালয়ৰ ৰাজ্য চৰকাৰৰ বিষয়াক অৱগত কৰি অহা ১১ জুনত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি বঞ্চিত পৰীক্ষাৰ্থীসকলক প্ৰতিশ্ৰুতি দিয়ে। আনহাতে দেশৰ সকলো প্ৰান্তৰ লগতে একেলগে এই সকল বঞ্চিত শিক্ষাৰ্থীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি আশ্বাস দিয়ে।