যোৰহাট, ১২ জানুৱাৰী:‘‘যোৰহাট পৌৰসভাখনত দুর্নীতি-কেলেংকাৰীয়ে চূড়ান্ত ৰূপ ধাৰণ কৰিছে (Corruption in Jorhat Municipal Corporation) ৷ এটা বছৰে তথ্য বিচাৰি কৰা আবেদনক চূড়ান্ত ভেঙুচালি কৰাই নহয়, তথ্য আয়ুক্তই দিয়া নির্দেশকো অৱমাননা কৰিছে ৷’’ এই অভিযোগ তুলিছে ৰাইজৰ দলে ৷ যোৰহাট পৌৰসভাৰ ওপৰত গোচৰ দিবলৈ সাজু ৰাইজৰ দল (Raijar Dal to file case against Jorhat Municipal Corporation) ৷ এক সংবাদ মেলযোগে পৌৰসভাৰ আভ্যন্তৰৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে দলটোৱে ৷
তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ ৰ অধীনত ৰাইজৰ দলৰ তৰফৰ পৰা ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখেই পৌৰসভাখনৰ বিভিন্ন তথ্য বিচাৰি আবেদন কৰা হৈছিল ৷ বিশেষতঃ পৌৰসভাৰ উপার্জন আৰু খৰচৰ লগতে প্ৰতিটো কামৰ বিপৰীতে হোৱা নিবিদাৰ তথ্য বিচৰা হৈছিল ৷ সেই তথ্যসমূহ বিগত এটা বছৰে নিদিয়াকৈ ৰখাত অসমৰ তথ্য আয়ুক্তৰ ওচৰত আপীল কৰা হৈছিল ৷ সেই আপীলৰ শুনানি যোৱা ১ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হয় ৷
সেই শুনানীত দলৰ সেই সময়ৰ জিলা সভাপতি দিব্যজ্যোতি শর্মা আৰু সম্পাদক মঞ্জিত বৰুৱা উপস্থিত থকাৰ লগতে পৌৰসভাৰো তথ্য বিষয়া উপস্থিত আছিল ৷ তথ্য আয়ুক্তই ২১ দিনৰ ভিতৰত সম্পূর্ণ তথ্য আবেদন কর্তাক দিবলৈ পৌৰসভাৰ তথ্য বিষয়াক নির্দেশ দিছিল যদিও আজি ৪২ দিন পাৰ হৈ যোৱাৰ পিছতো পৌৰসভাৰ গা-লৰা নাই ৷ দুদিনৰ আগতে মাত্ৰ ১০০ পৃষ্ঠাৰ সামান্য তথ্য দি পৌৰসভাখনে সম্পূর্ণ দুর্নীতি গাপ দিয়াৰ চেষ্টা কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে ৰাইজৰ দলে ৷
- ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বর্ষৰ কেচ বুকৰ জেৰক্স কপিৰ বিপৰীতে ২০১৮ চনৰ এপ্ৰিল-মে’ মাত্ৰ দুটা মাহৰ কেচ বুক দি দাই সাৰিছে ৷
- তথ্যৰ পৃষ্ঠা নং ৩ ত ‘হোৱাইটনাৰ’ মাৰিছে ৷ যিটো এটা নীতি বহির্ভূত কথা ৷
- কেচ বুকৰ ১১ নং পৃষ্ঠাত উল্লেখ কৰা ১২,০০০ টকা, ৪,৩০০ টকা, ১,১২,৪১০ টকাৰ চেক প্ৰদান কৰিছে অথচ চেক নম্বৰ উল্লেখ নাই ৷
- পৃষ্ঠা নং ১৫ ত ৭/৫/২০১৮ তাৰিখে যি টকা দিয়া দেখুৱাইছে সেই নামটো স্পষ্ট নহয় আৰু তাত ভাউচাৰ নম্বৰো উল্লেখ নাই, মুঠ টকা দিছে ৩১,২১৪ টকা ৷
- ১৭ নং পৃষ্ঠাত ৩,১৮,১২৩.৭০ টকা office and accounts বুলি দেখুওৱা খৰচো সন্দেহজনক ৷
- পৃষ্ঠা নং ১৯ ত মাষ্টাৰৰোলৰ বিলসমূহত ধনৰ অপপ্ৰয়োগ হৈছে ৷ কাৰণ ২০১৮ চনৰ এপ্ৰিল মাহত কেচ বুকত মাষ্টাৰৰোলৰ কর্মচাৰীৰৰ বাবে মুঠ ধন দিছে ২৩,৯৪,৮৩৯ টকা ৷ কিন্তু মাষ্টাৰৰোলৰ কিমান জন কর্মচাৰীক সেই ধন দিয়া হৈছে তাৰ কোনো তথ্য নাই ৷