অসম

assam

By

Published : Sep 16, 2020, 3:57 PM IST

ETV Bharat / city

বিধায়ক কুৰ্মীৰ বিৰুদ্ধে মৰিয়নীত আছুৰ প্ৰতিবাদ

মূৰ্খৰ স্বৰ্গত বাস কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ ৰাজনৈতিক মুনাফা লুটিবলৈ পথ মেৰামতি ভেকোভাওনা বিধায়ক ৰূপজ্যোতিৰ ৷ মৰিয়নীত বিধায়ক কুৰ্মীৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ ।

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে মৰিয়নীত আছুৰ প্ৰতিবাদ
বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে মৰিয়নীত আছুৰ প্ৰতিবাদ

মৰিয়নী, 16 ছেপ্তেম্বৰ :মৰিয়নীৰ নকচাৰী আঞ্চলিক ছাত্ৰ সন্থাই নকচাৰীৰ দেবেৰাপাৰ চাৰিআলিৰ পৰা টীয়ক বলমা নকচাৰী (TBN )সংযোগী পথটি বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । টীয়ক বলমা নকচাৰী সংযোগী মূল পথটি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ লয় । যাৰ ফলত বিগত সময়চোৱাত এই জৰাজীৰ্ণ পথত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহুকেইজন লোক এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ ওপৰিও প্ৰায় তিনিজনকৈ লোকৰ মৃত্যু হয় ।

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে মৰিয়নীত আছুৰ প্ৰতিবাদ

তাৰ পাছতো গড়কাপ্তানী বিভাগ অথবা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই পথছোৱাৰ নিৰ্মাণত কোনোধৰণ আগ্ৰহ দেখুওৱা নাই । যাৰ ফলত নকচাৰী আঞ্চলিক ছাত্ৰ সন্থাই বিগত সময়চোৱাত স্থানীয় লোকৰ সহযোগত বহুবাৰ প্ৰতিবাদ কৰি আহিছিল । অৱশেষত মঙলবাৰে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই পথটি নিজ শ্ৰম দানেৰে মেৰামতি কৰিছিল ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে মৰিয়নীত আছুৰ প্ৰতিবাদ

কিন্তু বুধবাৰে নকচাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰূপজ্যোতিয়ে শ্ৰম দানেৰে মেৰামতি কৰাটো তেওঁৰ ৰাজনৈতিক স্বাৰ্থ নিহিত আছে বুলি অভিযোগ উত্থাপন কৰে । লগতে বিগত 15 বছৰে মৰিয়নী বিধায়ক হৈ থকা ৰূপজ্যোতি কুৰ্মী নিৰ্বাচনৰ পূৰ্বে এনে শ্ৰম দান কৰি নিজৰ মূৰ্খতাৰ পৰিচয় দিয়া বুলিও অভিযোগ উত্থাপন কৰে । প্ৰতিবাদকাৰীয়ে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে সাংসদ তপন গগৈকো তুলাধূনা দিয়ে । উপদেশতকৈ আৰ্হি ভাল শ্লোগান লৈ পথ মেৰামতি কৰা ৰূপজ্যোতি কুৰ্মীয়ে বিগত 15 বছৰে কি কৰি আছিল বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক :21ৰ নিৰ্বাচনক লৈ সাজু ৰূপজ্যোতি কুৰ্মী

ABOUT THE AUTHOR

...view details