যোৰহাট, 7 জানুৱাৰী :গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন আবেদন ৷ ইয়াৰ পাচতে শোকত ম্ৰিয়মান হৈ পৰিল পুত্ৰৰ মুক্তিৰ আশাৰে অধীৰ আগ্ৰহেৰে বাট চোৱা বৃদ্ধা মাতৃ প্ৰিয়দা গগৈৰ লগতে সমগ্ৰ পৰিয়াল ৷
এবছৰ কাৰাগাৰত বন্দী হৈ থকা পুত্ৰই আজি মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি আশাৰে বাট চাইছিল মাতৃ প্ৰিয়দা গগৈয়ে ৷ কিন্তু আবেদন নাকচ হোৱা বুলি জানিব পাৰি কান্দোনত ভাগি পৰাৰ লগতে অসুস্থ হৈ পৰে কৃষক নেতাগৰাকীৰ মাতৃ ।