অসম

assam

ETV Bharat / city

যোৰহাটত 'কা' বাতিলৰ দাবীত মানৱ শৃংখল - উপায়ুক্ত

নাগৰিকত্ব সংশোধনী আইন আৰু ই আই এ ২০২০ আইনৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অতি শীঘ্ৰে এই আইন বাতিল কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

ajycp protest aginest caa At Jorhat
যোৰহাটত 'কা' বাতিলৰ দাবীত মানৱ শৃংখল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

By

Published : Aug 17, 2020, 4:46 PM IST

যোৰহাট, 17 আগষ্টঃ কৰ'ণাৰ আতংক মাৰ নৌযাওতেই পুনৰ সক্ৰিয় হৈ উঠিছে CAA বিৰোধী আন্দোলন। সোমবাৰে যোৰহাটতো জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী।

যোৰহাটত 'কা' বাতিলৰ দাবীত মানৱ শৃংখল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে যোৰহাটতো নাগৰিকত্ব সংশোধনী আইনৰ লগতে পৰিবেশ আইন ২০২০ বাতিলৰ দাবী উত্থাপন কৰে জাতীয়তাবাদী সংগঠনটোৰ সদস্য সকলে ৷ অসম বিৰোধী এই দুয়োখন আইনৰ বিৰুদ্ধে শেষবিন্দু তেজ থকালৈকে যুঁজ দিয়াৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে ।

তাৰোপৰি অসম চৰকাৰ হায়-হায়, মুখ্য়মন্ত্ৰী গ' বেক, 'কা' আমি নামানো ইত্যাদি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ যদি অতি শীঘ্ৰে চৰকাৰে এই আইন বাতিল নকৰে তেনেহ'লে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ দিয়ে জাতীয় সংগঠনটোৰ সদস্য সকলে।

লগতে পঢ়ক- নগাঁৱত CAA ৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details