অসম

assam

মৰিয়নিত কৰ’ণাৰ ভয়াবহ ৰূপ : পুনৰ মৃত্যু এজন কিশোৰৰ

By

Published : Jul 29, 2020, 4:27 AM IST

মৰিয়নিত বিগত 48 ঘন্টাত 8 জনকৈ লোক ক’ভিড আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে এজন কিশোৰৰ । মৃত্যু হোৱা কিশোৰজন সুৰজিত সিং বুলি চিনাক্ত কৰা হৈছে । মৰিয়নিত ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 2 জনলৈ বৃদ্ধি পাইছে ।

Again One Death in Covid at Mariani
Again One Death in Covid at Mariani

মৰিয়নি, 29 জুলাই:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিয়নিত কৰ’ণা ভাইৰাছৰ সংক্ৰমণে ধাৰণ কৰিছে ভয়াবহ ৰূপ ৷ বিগত 48 ঘন্টাত 8 জনকৈ লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে এজন কিশোৰৰ । ইতিমধ্যে মৃত্যু হোৱা কিশোৰ জনৰ নাম সুৰজিত সিং বুলি জানিব পৰা গৈছে । ইয়াকে লৈ মৰিয়নিত ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 2 জনলৈ বৃদ্ধি পাইছে ।

মৰিয়নিত কৰ’ণাৰ ভয়াবহ ৰূপ

মৰিয়নি নগৰৰ উপকন্ঠ শিৱপুৰ অঞ্চলৰ চন্দ্ৰ কুমাৰ সিঙৰ 11 বছৰীয়া সন্তানগৰাকী বিগত কিছু দিন ধৰি অসুস্থ হৈ আছিল । তেওঁ যক্ষ্মা ৰোগত ভূগি আছিল বুলি জানিব পৰা যায় । স্থানীয় ভাৱে ঘৰতে কিশোৰজনৰ চিকিৎসা কৰোৱা হৈছিল যদিও যোৱা 18 জুলাইত কিশোৰজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল । যোৰহাট চিকিৎসা মহাবিদ্যালয়তে কিশোৰজনক ক’ভিড-19 ৰোগত আক্ৰান্ত বুলি ক'ভিড ৱাৰ্ডত ৰখা হৈছিল । কিন্তু সোমবাৰে অৰ্থাৎ 27 জুলাইৰ বিয়লি 3 বজাত কিশোৰজনৰ মৃত্যু হয় ৷

'ডেথ ৰিপৰ্ট'তটো কিশোৰজনৰ মৃত্যুৰ কাৰণ ক'ভিড বুলি উল্লেখ কৰা হৈছে । কিন্তু সুৰজিত সিং কেনেকৈ ক'ভিড-19 আক্ৰান্ত হ'ল সেই সম্পৰ্কে জানিব পৰা হোৱা নাই । কিশোৰগৰাকী পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাওঁতে সুৰজিত কৰ’ণাত আক্ৰান্ত থকাৰ কথা গম পোৱা নাছিল । তাত গৈহে কৰ’ণা আক্ৰান্ত বুলি গম পায় ।

ইফালে, কৰ’ণা আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বাবে কিশোৰজনক সম্পূৰ্ণ সুৰক্ষা নীতিৰ মাজেৰে দেউতাকৰ উপস্থিতত যোৰহাট গড়মূৰ ৰাজহুৱা শ্মশানত মৃতদেহ দাহ কৰা হয় । অৱশ্যে শেহতীয়াকৈ যোৰহাটত দুগৰাকীকৈ লোক কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিষয়ে জানিব পৰা গৈছে যদিও মৰিয়নিৰ সুৰজিত সিঙৰ মৃত্যুৰ সম্পৰ্কে চৰকাৰী ভাৱে, অথবা বিভাগীয় ভাৱে আনকি প্ৰশাসনেও উল্লেখ কৰা নাই । এতিয়া সম্প্ৰতি এই বিষয়টোৱে এক ৰহস্যৰ সৃষ্টি কৰিছে ।

মেডিকেল ৰিপৰ্ট

মৰিয়নিত কভি’ড-19 ত দুজনকৈ লোক মৃত্যু হোৱাৰ পিছত স্বাভাৱিকতে সকলোৰে মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । ইফালে,মৰিয়নিত বিগত 48 ঘন্টাত 8 জন লোক কৰ’ণা আক্ৰান্ত ধৰা পৰিছে । ইয়াৰে 5 নং ৱাৰ্ডৰ 5 জন আৰু 1 নং ৱাৰ্ডৰ 3 জন লোক ৷ বৰ্তমানলৈকে মৰিয়নিত মুঠ আক্ৰান্তৰ সংখ্যা 46 জনলৈ বৃদ্ধি পাইছে ।

উল্লেখ্য যে, মৰিয়নিত ক'ভিড-19 পজিটিভ ৰোগীৰ সংখ্যা ভয়াবহ ভাৱে বৃদ্ধি পোৱাৰ পিছতো অধিকাংশ লোকে কোনো গুৰুত্ব নিদিয়াৰ লগতে চৰকাৰী নীতি নিয়ম নমনা দেখা গৈছে । যাৰ ফলত মৰিয়নিত দিনে দিনে আক্ৰান্তৰ সংখ্যাত বৃদ্ধি দেখা পোৱা গৈছে ।

লগতে চাওক-ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি: মৃতকৰ সংখ্যা 108 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details