অসম

assam

ETV Bharat / city

অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ - ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ

শক্তিমন্ত্ৰীৰ গৃহ সমষ্টিতে শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত । অনিয়মীয়া বিদ্যুত যোগানৰ বিৰুদ্ধে মঙলবাৰে টিংখাং বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে । মন্ত্ৰী বিমল বৰাৰ পদত্যাগৰ দাবী টিংখাং আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ ৷

aasu protest in Tingkhong
শক্তিমন্ত্ৰীৰ গৃহ সমষ্টিত বিমল বৰাৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Aug 18, 2021, 8:31 AM IST

টিংখাং/মৰাণ, 18 আগষ্ট : ‘‘ৰাইজৰ কথা নুবুজা শক্তিয়ে মন্ত্ৰীয়ে পদত্যাগ কৰক নিজৰ গাদী ৷ অন্যথা সমাধান কৰক ৰাইজৰ সমস্যা’’ - এই দাবীৰেপ্ৰতিবাদমুখৰ হৈ পৰিল শক্তিমন্ত্ৰী বিমল বৰাৰ গৃহ সমষ্টি ৷ ৰাজ্যত এতিয়া সঘনে চলি আছে বিদ্যুতৰ লুকা-ভাকুৰ খেল ৷ বিদ্যুতৰ সঘন আহ-যাহত অতিষ্ঠ হৈ পৰিছে এতিয়া ৰাজ্যৰ সাধাৰণ জনতা ৷

যাৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদত নামিল টিংখাং আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টিংখাং আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই ৷ বিদ্যুৎ যোগান নিয়মীয়া কৰক, শক্তি বিভাগ হায় হায়, শক্তিমন্ত্ৰী হায় হায়, বিমল বৰা গ' বেক, বিদ্যুৎ যোগান নিয়মীয়া কৰিব নোৱাৰা বিজেপি চৰকাৰ লেই লেই, চেই চেই আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে চাওক :বেকী নৈৰ দলঙৰ তলত কি চলে দিনে-নিশাই ?

উল্লেখ্য যে, টিংখাং বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনত দীৰ্ঘদিন ধৰি বিদ্যুতৰ লুকা-ভাকুৱে চৰম সমস্যাত পেলাইছে উপভোক্তাসকলক ।

ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ

অনিয়মিত বিদ্যুৎ যোগানৰ ফলত স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগতে অনলাইন পাঠ্যক্ৰমৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছে । যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে এতিয়া টিংখাংবাসী ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰে অঞ্চলটোত বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনাই বিভাগীয় কৰ্তৃপক্ষক ৷

টিংখাং সমষ্টিত অতিৰিক্তভাৱে বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয় স্থাপনৰ বাবে শক্তি মন্ত্ৰী তথা বিদ্যুৎ বিভাগৰ প্ৰতি দাবী জনাইছে । অতি শীঘ্ৰে বিদ্যুৎৰ সমস্যা সমাধান কৰিব নোৱাৰিলে শক্তিমন্ত্ৰীক পদত্যাগ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে ৷

ইফালে চাবুৱাৰ বিভিন্ন অঞ্চলটো বিভিন্ন ঠাইত কিছুদিনৰ পৰা বিদ্যুৎ কৰ্তন হৈ আহিছে ৷ যাৰ ফলত অঞ্চলটোৰ বাসিন্দাসকলে হাৰাশাস্তি ভোগ কৰিবলগা হৈছে । নিয়মিতভাৱে বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ লগতে ৰাইজৰো দৈনন্দিন কাৰ্য-কলাপত অসুবিধাৰ সৃষ্টি হৈছে ৷

চাবুৱাত শক্তিমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

যাৰ বাবে মঙলবাৰে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই চাবুৱা বিদ্যুৎ সংমণ্ডল ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তদুপৰি চাবুৱাৰ বিদ্যুৎ উপ সংমণ্ডলৰ জৰিয়তে অসম চৰকাৰৰ শক্তিমন্ত্ৰী বিমল বৰালৈ নিয়মীয়া বিদ্যুৎ সেৱাৰ যোগান সম্পৰ্কীয় দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :‘I look into’...কাক হোৱাটছ এপ মেছেজৰ ৰিপ্লাই দিলে শক্তিমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details