যোৰহাট, 13 আগষ্ট :কৰ’ণা ভাইৰাছ, লক ডাউনে বাৰুকৈ বহু প্ৰভাৱ পেলাইছে শিক্ষাখণ্ডত ৷ শেহতীয়াকৈ অনলাইন নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা বিভিন্ন মহাবিদ্যালয়ত এতিয়াও বহু ছাত্ৰ-ছাত্ৰীয়ে কৰিব পৰা নাই নামভৰ্তি ৷
যোৰহাটৰ লগতে ৰাজ্যখনৰ বহু মহাবিদ্যালয়ত উপযুক্ত আসনৰ অভাৱতেই উচ্চতৰ মাধ্যমিক শ্ৰেণীত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত হ’ব লগা অৱস্থা হৈছে । ইয়াৰ ফলত ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱনলৈ নামি আহিছে অন্ধকাৰ ৷ যাৰ বাবে বৃহস্পতিবাৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ-সন্থাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত জিলাখনৰ আঞ্চলিক সমিতিৰ সহযোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।