যোৰহাট,18 আগষ্ট:নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি যোৰহাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদত ৷ এইবাৰ যোৰহাট আগশাৰীৰ শৈক্ষিক শিক্ষা প্ৰতিষ্ঠান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান চমুকৈ JIST ৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে যোৰহাট জিলা ছাত্ৰ সন্থা ৷ উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰাই এই শিক্ষানুষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ছাত্ৰ সন্থাই ৷ কিয়নো শিক্ষা প্ৰতিষ্ঠানখনত অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈছে ৷
যোৰহাট জিলাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গভীৰ ষড়ষন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলা ছাত্ৰ সন্থাই ৷ স্বজন-তোষণৰ মাজেৰে ঠিকাদাৰ নিযুক্তি কৰা, জালিয়াতিৰে চাকৰিত নতুন শিক্ষক নিযুক্তি দিয়া, 9 গৰাকী শিক্ষকক চাকৰিৰ পৰা বহিস্কাৰ কৰা ইত্যাদি অনিয়মৰ বিৰুদ্ধে সুচ্ছাৰ হৈ পৰিছে ছাত্ৰ সংগঠনটো ৷