অসম

assam

ETV Bharat / city

টীয়কত কৰ’ণাত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

টীয়কৰ আলহীৰ ঘৰত আহি যোৰহাটৰ এগৰাকী মহিলাৰ মৃত্যু ৷ শাৰিৰীক অসুস্থতা অনুভৱ কৰাত স্বাস্থ্য পৰীক্ষাৰ বাবে টীয়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ভৰ্তি কৰাৰ পূৰ্বেই মৃত্যু হোৱা বুলি চিকিৎসকৰ ঘোষণা ৷

টীয়কত কৰ’ণাত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু
টীয়কত কৰ’ণাত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

By

Published : May 21, 2021, 9:49 PM IST

টীয়ক,21 মে': টীয়কৰ এফ আৰ ইউ চিকিৎসালয় কেন্দ্ৰত এজন ক’ভিড আক্ৰান্তৰ মৃত্যুই টীয়কৰ সমগ্ৰ অঞ্চলতেই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ জানিব পৰা মতে, যোৰহাট জিলাৰ গৰখীয়া দ'লগাঁৱৰ কণমাই শইকীয়া নামৰ ৫৫ বছৰীয়া মহিলাগৰাকীৰ বৃহস্পতিবাৰে জগদুৱাৰ গায়ন গাঁৱৰ জীয়েকৰ ঘৰলৈ আহিছিল ৷ জীয়েকৰ ঘৰত আহি শাৰিৰীক অসুস্থতা অনুভৱ কৰাত স্বাস্থ্য পৰীক্ষাৰ বাবে টীয়ক এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগে লগেই চিকিৎসকে মৃত বুলি ঘোষণা কৰে মহিলাগৰাকীক ৷

মৃত মহিলাগৰাকীক ক’ভিড পৰীক্ষা কৰাত শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে ৷ উল্লেখ্য যে, মহিলাগৰাকীৰ লগত অহা আত্মীয়সকলক কৰ’ণা পৰীক্ষা কৰাত তেওঁলোকৰ দেহত কৰ’ণাৰ উপস্থিতি নাই বুলি স্বাস্থ্য বিভাগৰ কৰ্মীসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :বিধায়ক বলীন চেতিয়াৰ পিতৃৰ বিয়োগ

ABOUT THE AUTHOR

...view details