অসম

assam

By

Published : Aug 15, 2020, 4:57 PM IST

ETV Bharat / city

সংৰক্ষণ কৰা হ'ব ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ৱাসগৃহ

অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা প্ৰাক্তন সভাপতি বিনন্দ চন্দ্ৰ বৰুৱাৰ জৰাজীৰ্ণ আৱাস গৃহটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দেৱজিৎ বৰুৱা ফেন ক্লাৱৰ সদস্য সকলে ৷

74 th Independence Day Celebration At Teok
ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ আৱাস গৃহ সংৰক্ষণ কৰাৰ সিদ্ধান্ত দেৱজিৎ বৰুৱা ফেন ক্লাৱৰ

টীয়ক, 15 আগষ্টঃ স্বাধীনতা দিৱসৰ দিনা যোৰহাট জিলাৰ টীয়কত দেৱজিৎ বৰুৱা ফেন ক্লাৱে প্ৰসংশনীয় পদক্ষেপ গ্ৰহণ কৰে ৷ ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ জৰাজীৰ্ণ আৱাস গৃহ "অচ্যুত ভৱন"ৰ মেৰামতি কৰি সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দেৱজিৎ বৰুৱা ফেন ক্লাৱৰ সদস্য সকলে ৷

ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ আৱাস গৃহ সংৰক্ষণ কৰাৰ সিদ্ধান্ত দেৱজিৎ বৰুৱা ফেন ক্লাৱৰ

কৰ'ণা আতংকৰ মাজতে আজি সমগ্ৰ ভাৰততে উদযাপন কৰা হৈছে ৭৪ সংখ্যক স্বাধীনতা দিৱস । টীয়কৰ ঐতিহাসিক অচ্যুত ভৱনটো দেৱজিত বৰুৱা ফেন ক্লাৱৰ উদ্যোগত চৰকাৰী সকলো নীতি- নিৰ্দেশনা অৱলম্বন কৰি উদযাপন কৰা হৈছে স্বাধীনতা দিৱস ।

উল্লেখ্য যে, অসমীয়া সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰৰ মনিষী সকলৰ সমাবেশে জীপাল কৰি তুলিছিল টীয়ক বামুণ গাঁৱৰ ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ আৱাস গৃহ "অচ্যুত ভৱন" । সাহিত্য জগতৰ এই মনিষী সকলৰ প্ৰচেষ্টাত এই অচ্যুত ভৱনৰ পৰা প্ৰকাশ পাইছিল বৰদৈচিলাকে ধৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা অলেখ গ্ৰন্থ, আলোচনী । এই গৃহটোৰ পৰাই ধ্বনি কবি গৰাকীৰ কলমৰ পৰা নিগৰি ওলাইছিল ৰঙামুৱা বীৰ, গড়গাঁও গড়গাঁও দৰে যুগজয়ী কবিতা, বিভিন্ন লিখনি । একালত বৃন্দাবলৈ ৰূপান্তৰিত হোৱা অচ্যুত ভৱন আজি অনাদৃত হৈ পৰি ৰৈছে । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ আসন অলংকৃত কৰা বিনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পাছৰে পৰা উপযুক্ত সংৰক্ষণৰ অভাৱত কবি গৰাকীৰ আৱাস গৃহ জহি-খহি গৈছে ।

বিভিন্ন দল সংগঠনে দীৰ্ঘদিন ধৰি চৰকাৰক আবেদন নিবেদন কৰিয়ো কোনো সঁহাৰি নাপালে । কিন্তু আজি দেৱজিৎ ফেন ক্লাৱে জৰাজীৰ্ণ অচ্যুত ভৱন পুনৰ নিৰ্মাণৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে চৰকাৰকো এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে ফেন ক্লাৱে। লগতে সমষ্টিটোৰ কেইবাটাও মুক্তিযুদ্ধা পৰিয়াল তথা কৃতি শিক্ষক,ছাত্ৰ ছাত্ৰীৰ বাবে গাইড বুক প্ৰদান কৰি নিদৰ্শন দাঙি ধৰিছে ক্লাৱৰ সদস্য সকলে ।

লগতে পঢ়ক-শিৱসাগৰত 'কা' বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details