অসম

assam

ETV Bharat / city

মৰিয়নীত 13 টাকৈ ঘৰ কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ - যোৰহাট জিলা

কোভিড 19 পজিটিভত আক্ৰান্ত হোৱাৰ পাছতেই প্ৰশাসনে কন্টেইনমেন্ট হোম কৰিলে 13 টাকৈ ঘৰ। ইতিমধ্যে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পৰিদৰ্শন কৰে উক্ত এলেকাটো ।

13 Home Quarentine center Allowed By Administration At Mariani
মৰিয়নীত 13 টাকৈ ঘৰ কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

By

Published : Jun 30, 2020, 10:18 PM IST

মৰিয়নী, 30জুনঃ যোৰহাট জিলাৰ মৰিয়নীৰ তিনিজনকৈ ব্যক্তিৰ দেহত কৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ তিনিওজন ব্যক্তিৰ সংস্পৰ্শলৈ অহা প্ৰায় 13 টা পৰিয়ালৰ বাস গৃহ কন্টেইনমেন্ট হোম কৰে স্বাস্থ্য বিভাগে ।

মৰিয়নীত 13 টাকৈ ঘৰ কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

মৰিয়নীত মঙ্গলবাৰে তিনিজনকৈ ব্যক্তিৰ দেহত কৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতেই প্ৰশাসনে কন্টেইনমেন্ট হোম কৰিলে 13 টা পৰিয়ালৰ ঘৰ । ইতিমধ্যে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পৰিদৰ্শন কৰে প্ৰশাসনে কন্টাইনমেণ্ট জন হিচাপে ঘোষণা কৰা বাসগৃহকেইটা । তিনিগৰাকীকৈ ব্যক্তিৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলৰ বাসগৃহ সমূহ কন্টেইনমেন্ট হোম হিচাপে ঘোষণা কৰে স্বাস্থ্য বিভাগে ।

ইয়াৰে কোভিদ পজিটিভ হোৱা ৰীনা ভৌমিক হোম কোৱাৰেন্টাইনত থকাৰ পাছতো তেওঁৰ পিতৃয়ে SBI কমপ্লেক্সত থকা ব্যৱসায়িক প্ৰতিষ্ঠানখন কালি খোলা ৰখাৰ কথা বৰ্তমান পোহৰলৈ অহাত সম্প্ৰতি মৰিয়নীত গণ সংক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে ৷ আজি বিয়লি মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নী 2নং ৱাৰ্ডৰ দুয়োটা বাসগৃহৰ সমীপৰ অঞ্চলসমূহ পৰিদৰ্শন কৰি ৰাইজক ভয় খোৱাৰ পৰা বিৰত থাকি অধিক সচেতন হ'বলৈ আহ্বান জনায় । লগতে কোভিদ- 19 ত আক্ৰান্ত হোৱা আটাইকেইজন ব্যক্তি ৰে'ল যোগে মৰিয়নী লৈ আহিছিল ৷ ফলত ৰে'ল বিভাগৰ হেমহি তথা ৰে'ল সমূহ ভালদৰে চেনিটাইজাৰ নকৰাৰ ফলত কোভিদ সংক্ৰমণ অত্যাধিক হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

লগতে পঢ়ক- বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নাৰ্চ কৰ’ণাত আক্ৰান্ত

ABOUT THE AUTHOR

...view details