গুৱাহাটী, 23 জুলাই : মহানগৰীৰ ৰাজপথত আকৌ ব্যতিক্ৰমী ৰূপত দেখা গ'ল শিল্পী জুবিন গাৰ্গক ৷ মঙ্গলবাৰে পুৱা চান্দমাৰিৰ অলি-গলিৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ বিভিন্ন দোকানে-পোহাৰে হাতত টেমা লৈ ধন সংগ্ৰহ কৰিলে শিল্পীগৰাকীয়ে ৷ জুবিন ফেন ক্লাব আৰু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ সহযোগত আৰম্ভ কৰা এই পুঁজি সংগ্ৰহ অভিযানে প্ৰথম দিনা ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰে ৷
হাতত টেমা লৈ আকৌ ৰাষ্টাত জুবিন গাৰ্গ - flood relief collection
বানত জৰ্জৰিত ৰাজ্যৰ বন্যাৰ্তৰ কাষত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ ৷ উদ্দেশ্য বলিয়া বানত সৰ্বস্ব হেৰুওৱা ৰাইজৰ বাবে কিছু সাহাৰ্য সংগ্ৰহ ৷

হাতত টেমা লৈ আকৌ ৰাষ্টাত জুবিন গাৰ্গ
উল্লেখযোগ্য যে, ৰাজ্যৰ চকুপানী স্বৰূপ বাৰিষাৰ বানৰ সময়ত ৰাইজক সহায়ৰ বাবে প্ৰত্যেক বছৰ থিয় দি আহিছে অসমীয়াৰ মৰমৰ শিল্পী গৰাকীয়ে ৷ তেওঁ কয় যে চৰকাৰ অথবা কোনো ব্যক্তিৰ ওপৰত বিশ্বাস নথকাৰ বাবে নিজেই এনেদৰে আজি ৰাইজৰ বাবে ওলাই আহিছে ৷ এইবাৰ বন্যাৰ্ত সকলক নিজ হাতেৰে গৈ খোৱা সামগ্ৰী আৰু কাপোৰ বিতৰণ কৰিব শিল্পী গৰাকীয়ে ৷
হাতত টেমা লৈ আকৌ ৰাষ্টাত জুবিন গাৰ্গ