গুৱাহাটী, 1 আগষ্টঃ পুনৰ জুবিনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম ব্ৰাহ্মণ সমাজ । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি জুবিনক লিখিত ক্ষমা খোজাৰ দাবী জনাইছিল ব্ৰাহ্মণ সমাজে । কিন্তু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱগৰাকীয়ে বৰ্তমানলৈ লিখিতভাৱে ক্ষমা নোখোজাত পুনৰ জুবিনৰ বিৰুদ্ধে সৰৱ হ'ল ব্ৰাহ্মণ সমাজ৷ কেৱল সেয়াই নহয় কাঞ্চনজংঘাৰ মুক্তিৰ পূৰ্বে ছবিখন ব্ৰাহ্মণ সমাজক দেখুৱাবলৈও দাবী উত্থাপন কৰে মহানগৰ জিলা শাখা ব্ৰাহ্মণ সমাজৰ সম্পাদক পৱিত্ৰ কুমাৰ শৰ্মাই । অন্যথা কাঞ্চনজংঘাৰ মুক্তিত বাধা আৰোপ কৰাৰ হুংকাৰ দিয়ে শৰ্মাই ।
মুক্তিৰ পূৰ্বে কাঞ্চনজংঘা দেখুৱাব লাগিব ব্ৰাহ্মণ সমাজক - Guwahati
সংগীতানুষ্ঠানত ব্ৰাহ্মণ সমাজৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি ব্ৰাহ্মণ সমাজৰ ৰোষত জুবিন গাৰ্গ। জুবিনে ৰাজহুৱাকৈ ক্ষমা বিচাৰিছে যদিও মানি লোৱা নাই অসম ব্ৰাহ্মণ সমাজে । ইতিমধ্যেই জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত ৰুজু হৈছে ১২ টাতকৈও অধিক গোচৰ ৷
মুক্তিৰ পূৰ্বে কাঞ্চনজংঘা দেখুৱাব লাগিব ব্ৰাহ্মণ সমাজক
তাৰোপৰি জুবিন গাৰ্গ আৰু ব্ৰাহ্মণ সমাজ একেলগে বহি এক আলোচনা মৰ্মে এই বিতৰ্কৰ অৱসান ঘটোৱাৰো পোষকতা কৰিছে ব্ৰাহ্মণ সমাজ গুৱাহাটী মহানগৰ জিলা শাখাই । উল্লেখযোগ্য যে এই বিতৰ্কৰ ইমানতেই অৱসান ঘটাৰ আশা প্ৰকাশ কৰিছে জুবিনৰ অনুৰাগীসকলে ।