গুৱাহাটী, 29 নৱেম্বৰ : গুৱাহাটী মহানগৰীত দেওবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Murder in Guwahati) । মহানগৰীৰ বামুণীমৈদামৰ কুশল নগৰত সংঘটিত এই হত্যাকাণ্ডত কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱায় ককায়েকে ।
ঘটনাৰ বিৱৰণী অনুসৰি, কুশল নগৰৰ জিণ্টু দাস(২০) নামৰ যুৱকজনে ককায়েক কমল দাসক(২২) ৰ'ডেৰে কোবাই নৃশংসভাৱে হত্যা কৰে (younger brother kills elder one for drugs addiction) । এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত দেওবাৰে নিশা ঘৰত উপস্থিত নাছিল জিন্তুৰ মাতৃ-ভগ্নী ৷
সংবাদ মাধ্যমৰ আগত মাতৃয়ে প্ৰকাশ কৰা ভাষ্য অনুসৰি, জিণ্টুৱে দীৰ্ঘদিনৰে পৰা ড্ৰাগছ সেৱন কৰি আহিছিল ৷ অইন দিনাৰ দৰে দেওবাৰেও জিণ্টুৱে ড্ৰাগছ সেৱন কৰি আহি হিতাহিত জ্ঞান হেৰুৱাই ককায়েক কমল দাসক হত্যা কৰে ।