গুৱাহাটী, 13 জুলাই : ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিন্হা ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰচাৰৰ বাবে বুধবাৰে গুৱাহাটীত উপস্থিত হয় (Presidential candidate Yashwant Sinha visits Assam for election campaign) । যশোৱন্ত সিনহাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমৰ দুই প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত বেলেগকৈ বেলেগকৈ লগ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।
উল্লেখ্য যে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰে ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিন্হাৰ সমৰ্থনত অসম প্ৰদেশ কংগ্ৰেছে এক সভা অনুষ্ঠিত কৰে । সভাত কংগ্ৰেছৰ বিধায়ক, সাংসদ, ৰাইজৰ দলৰ বিধায়ক, চি পি আই এমৰ বিধায়ক আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আদি উপস্থিত থাকে (Yashwant Sinha separately meets AIUDF Congress MLAs) ।
ইয়াৰ বিপৰীতে হোটেল তাজ ভিভান্তাত এ আই ইউ ডি এফে বেলেগকৈ সভা অনুষ্ঠিত কৰে । ইউ পি এ আৰু অন্যান্য বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ উমৈহতীয়া প্রার্থী যশোৱন্ত সিন্হাই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰথমে হোটেল তাজ ভিভান্তাত এ আই ইউ ডি এফৰ সৈতে পৃথকে সভাত মিলিত হয় (Presidential candidate Yashwant Sinha visits Assam) ।
তাৰ পিছত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত যশোৱন্ত সিনহাৰ সমৰ্থনত অসম প্ৰদেশ কংগ্ৰেছ অনুষ্ঠিত কৰা সভাত তেওঁ অংশগ্ৰহণ কৰে । প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে এ আই ইউ ডি এফে যশোৱন্ত সিনহাক সমৰ্থন কৰিব । মনকৰিবলগীয়া যে যোৱা ৰাজ্য সভাৰ নিৰ্বাচনতে এ আই ইউ ডি এফ অৰু কংগ্ৰেছৰ মাজত ফাঁট মেলিছিল । এতিয়া শেহতীয়া ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ দুখন পৃথক সভাই এ আই ইউ ডি এফ অৰু কংগ্ৰেছৰ মাজৰ বিভেদ স্পষ্ট কৰি তুলিছে ।