গুৱাহাটী, ১৯ আগষ্ট : আজিবিশ্ব আলোকচিত্ৰ দিৱস (World Photography Day) ৷ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো শুকুৰবাৰে বিশ্ব আলোকচিত্ৰ দিৱস পালন কৰা হয় । গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰতিবছৰৰ দৰে এইবাৰো অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত ‘‘বিশ্ব আলোক চিত্ৰদিৱস’’ পালন কৰা হয় (World Photography Day celebrates at Guwahati Press Club) ।
এই উপলক্ষে আয়োজিত উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্জলন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ ভাষণ প্ৰসংগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়, ‘‘বিশ্ব আলোকচিত্ৰ দিৱসৰ প্ৰথমে সকলোকে শুভেচ্ছা জনালো ।
এই ক্ষেত্ৰখনত বহুত প্ৰত্যাহবান আছে যদিও নৱপ্ৰজন্ম ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত হোৱাটো শুভ লক্ষণ । আলোকচিত্ৰ শিল্পীসকল সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তি । প্ৰকৃতিৰ মাজৰ পৰা মণি মুকুতা সংগ্ৰহ কৰি আনি সৃষ্টিশীলতাৰ পৰিচয় দিয়া আলোকচিত্ৰ শিল্পী সকলক শুভেচ্ছা জনালো’’ ।
লগতে এই সভাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ফটো সাংবাদিকতা বঁটা প্ৰাপক এছ লাল সিঙক শুভেচ্ছা জনায় । আনহাতে, উক্ত সভাত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ড৹ ৰীতা চৌধুৰী ৷ ভাষণ প্ৰসংগত তেওঁ কয়, ‘‘ছবিয়ে ইতিহাস ধৰি ৰাখে । ছবিয়ে জীৱনৰ মুহূৰ্তবোৰ অংকন কৰে ।
লগতে পঢ়ক :ফটোগ্ৰাফী দিৱসত নষ্টালজিক হৈ পৰিল কলিয়াবৰৰ বীৰেন দা
ছবিয়ে সভ্যতাৰ ইতিহাস সংৰক্ষণ কৰে । মানুহৰ জীৱনৰ সকলো সৌন্দৰ্য, প্ৰকৃতিৰ যন্ত্ৰণা, এচটা শীলৰ ৰূপ , মানুহৰ জীৱনৰ বিভিন্ন যন্ত্ৰণা তুলি ধৰিব পাৰে আলোকচিত্ৰ শিল্পীসকলে’’ । লগতে তেওঁ আৰু কয়, ‘‘ফটো সাংবাদিকসকলে ইতিহাসক ক্ষুদ্ৰতাৰ পৰা বিশালতাৰ ৰূপত ধৰি ৰাখিব পাৰে । এখন ফটোৱে এজন লোকৰ জীৱনৰ কাহিনী ক’ব পাৰে ।
সৃষ্টিশীল মানুহৰ জীৱনৰ ধাৰণা সুকীয়া । ভোগবাদী মানুহৰ সৈতে এই সন্তুতি তুলনা নহয় । এই ফটো সাংবাদিকসকলে একোটা ইতিহাসৰ স্ৰষ্টা হ’বলৈ গৈ আছে । পোহৰৰ পৃথিৱীৰ লগত সংযোগ থকা সকলক আজিৰ দিনটোত শুভেচ্ছা জনালো’’ । এই সভাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট ফটো সাংবাদিক তপন দাসে কয়, ‘‘ফটোগ্ৰাফী দুঃসাহসিক কাম । ফটোগ্ৰাফী ইমান সহজতে আবিষ্কাৰ হোৱা নাছিল ।