গুৱাহাটী, 21 ডিচেম্বৰ :বাতিল কৰা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ ৷ এই বন্ধৰ পৰিৱৰ্তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিয়মীয়াকৈ পাঠদান, পৰীক্ষা আদি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিন্তু মাঘ বিহুত এসপ্তাহ বন্ধ থাকিব বিশ্ববিদ্যালয় ৷ কৰ্তৃপক্ষৰ এই সিদ্ধান্তক শিক্ষক সন্থা, কৰ্মচাৰী সন্থাই আদৰণি জনাইছে ৷ এই কথা জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ বাতিল - গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ বাতিল কৰা হৈছে ৷ কিন্তু মাঘ বিহুত এসপ্তাহৰ বাবে বন্ধ থাকিব বিশ্ববিদ্যালয় ৷ এই কথা প্ৰকাশ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীতকালীন বন্ধ বাতিল
ইফালে যোৱা 15 ডিচেম্বৰৰ পৰা বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ খুলি দিয়া হৈছে ৷ ইতিমধ্যেই পাঠদান প্ৰক্ৰিয়া নিয়মীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ পৰীক্ষাৰ পঞ্জীয়ন প্ৰক্ৰিয়াও আৰম্ভ হৈ গৈছে ৷ উল্লেখযোগ্য যে, লক ডাউনৰ সময়চোৱাতো বিশ্ববিদ্যালয়ৰ পাঠদান অব্যাহত আছিল ৷ তাৰোপৰি পৰীক্ষাসমূহো অনলাইন মাধ্যমতে সমাপ্ত হৈ গৈছে ৷
লগতে পঢ়ক :অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীক ধেমাজিত আদৰণি