অসম

assam

ETV Bharat / city

মুখ্যমন্ত্ৰীৰ ঘৰলৈ পুৱাই কোন গৈছিল: সদনত তদন্ত বিচাৰিলে স্বয়ং মুখ্যমন্ত্ৰীয়েই - Who went to CMs house in morning on Friday

‘‘মই কাৰো বিৰুদ্ধে কিবা শাস্তিমূলক ব্যৱস্থা লোৱা বা বিশেষাধিকাৰ ভংগৰ অভিযোগত অভিযুক্ত কৰা এই বিষয় বিলাকলৈ যাব খোজা নাই... ’’ এইবুলি শুকুৰবাৰে সদনত মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ।

assam-cm-demands-high-level-enquiry
মুখ্যমন্ত্ৰীৰ ঘৰলৈ পুৱাই কোন গৈছিল: সদনত তদন্ত বিচাৰিলে স্বয়ং মুখ্যমন্ত্ৰীয়েই

By

Published : Apr 1, 2022, 9:40 PM IST

গুৱাহাটী, 1 এপ্ৰিল:শুকুৰবাৰে পুৱাই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা জাৰি কৰা এক বিবৃতিয়ে আজি ওৰেটো দিন কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ ভিতৰচ'ৰা উত্তপ্ত কৰি ৰখাৰ উপৰি বিধানসভাৰ মজিয়াতো চৰ্চিত হৈ পৰিছে এই প্ৰসংগ ।

সঁচাকৈয়ে কংগ্ৰেছে অভিযোগ কৰাৰ দৰে শুকুৰবাৰে পুৱা ছয় বজাতে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত হাজিৰ হৈছিল নেকি এ আই ইউ ডি এফৰ পাঁচ বিধায়ক (Who went to CMs house in morning on Friday) ? আনহাতে, মুখ্যমন্ত্ৰীয়ে এই অভিযোগ নাকচ কৰিলেও কংগ্ৰেছ কিন্তু অটল হৈয়ে আছে এই অভিযোগত ।

বিধানসভাত আজি কংগ্ৰেছে জাৰি কৰা এই বিবৃতিৰ বিষয়টো প্ৰথমে উত্থাপন কৰে এ আই ইউ ডি এফৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে । তেওঁ কয় যে, এয়া সম্পূৰ্ণ এক মিছা কথা । এনে বিবৃতি জাৰি কৰি কংগ্ৰেছে কেৱল এ আই ইউ ডি এফৰ বিধায়কসকলৰে বিশেষাধিকাৰ ভংগ কৰা নাই, মুখ্যমন্ত্ৰীকো অপমান কৰিছে ।

একেদৰে, জনিয়াৰ এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে কয় যে, মুখ্যমন্ত্ৰীৰ বাসগৃহ কলা নে বগা তেওঁ আজিলৈকে দেখাই নাই । আনহাতে, সমগ্ৰ বিষয়টো সন্দৰ্ভত সদনত নিজৰ মতামত ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁৰ ঘৰলৈ সঁচাকৈ কংগ্ৰেছে কোৱাৰ দৰে এ আই ইউ ডি এফৰ বিধায়কৰ দল এটা গৈছিল নেকি সেয়া অধ্যক্ষই এক তদন্তৰ ব্যৱস্থা কৰক । "

‘‘মই কাৰো বিৰুদ্ধে কিবা শাস্তিমূলক ব্যৱস্থা লোৱা বা বিশেষাধিকাৰ ভংগৰ অভিযোগত অভিযুক্ত কৰা এই বিষয় বিলাকলৈ যাব খোজা নাই । মুঠতে অধ্যক্ষই এই বিষয়টো তদন্তৰ ব্যৱস্থা কৰক । এজন মুখ্যমন্ত্ৰীৰ ঘৰলৈ এনেকৈ পুৱা 6 বজাতেই কোনো লোক যাব নোৱাৰে’’ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে, তাকো এ আই ইউ ডি এফৰ বিধায়কৰ এটা দল বুলি মন্তব্য কৰি মোৰ চৰকাৰী বাসগৃহত চি আৰ পি এফৰ নিৰাপত্তা আছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তদুপৰি মই নিজেও নিবিচাৰো এ আই ইউ ডি এফৰ সৈতে এটা সম্পৰ্ক গঢ়িব " সদনত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক :বিধায়কৰ কিনা বেচা কংগ্ৰেছৰ দিনৰ পৰাই আৰম্ভ কৰিছিল হিমন্তই: মানস বৰা

ABOUT THE AUTHOR

...view details