অসম

assam

ETV Bharat / city

ফলাফল সন্দৰ্ভত কি ক'লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে ?

পৰীক্ষা নপতাকৈ অৱশেষত ঘোষণা কৰা হ'ল বহু প্ৰতিক্ষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। বিকল্প মূল্যায়ন পদ্ধতিৰ আধাৰত ৱেবছাইটযোগে ফলাফল ঘোষণাৰ পিছতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে সংসদৰ সচিব পুলক পাটগিৰিয়ে । সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ ৯৮.৯৯ শতাংশ।

what-did-the-secretary-of-assam-higher-secondary-education-council-say-about-the-results
ফলাফল সন্দৰ্ভত কি ক'লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে ?

By

Published : Jul 31, 2021, 1:28 PM IST

গুৱাহাটী, 31 জুলাই: ক'ভিড পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে (AHSEC) পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি বিকল্প মূল্যায়ন পদ্ধতিৰ আধাৰত আজি ঘোষণা কৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল । ৰাজ্যৰ 2,49,812 গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত নিৰূপণ কৰি শনিবাৰে পুৱা 9 বজাত মুঠ 11 টা ডিজিটেল ৱেবচাইট আৰু দুটা এনৰইড ম’বাইল এপছৰ যোগেদি উপলব্ধ কৰে উচ্চতৰ মাধ্যমিকৰ ফলাফল । ফলাফল ঘোষণাৰ পাছতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে সংসদৰ সচিব পুলক পাটগিৰিয়ে ।

সংবাদমেলত তেওঁ কয় যে, অতি কম দিনৰ ভিতৰতে অত্যন্ত কষ্টৰ মাজেৰে এই ফলাফল প্ৰস্তুত কৰি উলিওৱা হৈছে । এইবাৰৰ মূল্যায়ন পদ্ধতিক লৈ বিভিন্ন ধৰণৰ সন্দেহ-আশংকাৰ সৃষ্টি হৈছিল যদিও পৰৱৰ্তী সময়ত সকলো সুকলমেই সম্পন্ন হয় । পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ ক্ষেত্ৰত চৰকাৰে গঠন কৰি দিয়া বিশেষ সমিতিয়ে নিৰ্দ্ধাৰণ কৰি দিয়া মূল্যায়নৰ পদ্ধতিয়েই অৱলম্বন কৰা হৈছে বুলি জনায় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিয়ে ।

ফলাফল সন্দৰ্ভত কি ক'লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে ?

এই ফলাফলক লৈ সন্দেহৰ কোনো অৱকাশ থাকিব নালাগে বুলি তেওঁ মন্তব্য কৰে । ঘোষিত ফলাফলক লৈ কোনো শিক্ষাৰ্থী সন্তুষ্ট নহলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনুষ্ঠিত কৰিবলগীয়া বিশেষ পৰীক্ষাত অৱতীৰ্ণ হব পাৰিব । ইয়াৰ বাবে এক পৰ্টেল মুকলি কৰা হ'ব আৰু সেই পৰ্টেলতে সেইসকল অসন্তুষ্ট শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।

উল্লেখ যে, এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে 2,49,812 গৰাকী । ইয়াৰে মুঠ 2,47,278 গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে । সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ 98.99 শতাংশ । আনহাতে অনুত্তীৰ্ণ হাৰ মাত্ৰ 1.01 শতাংশ। অৰ্থাৎ মাত্ৰ 2,531 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল ।

ঘোষিত ফলাফল অনুসৰি কলা শাখাত 1,91,855 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 1,89,793 গৰাকী উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ 98.93 শতাংশ । আনহাতে 58,244 গৰাকীয়ে প্ৰথম বিভাগ, 89,520 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 42,029 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।

2020 বৰ্ষত কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল 78.28শতাংশ । আনহাতে, বিজ্ঞান শাখাত মুঠ 38,430 গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 38,068 গৰাকী উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ 99.06 শতাংশ । সেইদৰে 32917 গৰাকীয়ে প্ৰথম বিভাগ, 4609 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 542 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।

বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল 88.06 শতাংশ । বাণিজ্য শাখাত মুঠ 18443 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হয় 18364 গৰাকী । উত্তীৰ্ণৰ হাৰ 99.57 শতাংশ। বাণিজ্যত 11189 গৰাকীয়ে প্ৰথম বিভাগত, 5497 গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 1678 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ।

ভকেচনেল শাখাত মুঠ 1081 গৰাকীৰ ভিতৰত 1053 গৰাকী উত্তীৰ্ণ হয় । উত্তীৰ্ণৰ হাৰ 97.41 শতাংশ। ইয়াৰ ভিতৰত 618 গৰাকীয়ে প্ৰথম বিভাগ, 381 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 54 গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলতো এইবাৰ কোনো ধৰণৰ স্থানৰ ব্যৱস্থা ৰখা নাই।

ABOUT THE AUTHOR

...view details