অসম

assam

ETV Bharat / city

ৰমেন্দ্ৰ নাৰায়ণ কলিতাক পশ্চিম গুৱাহাটী সমষ্টি এৰিব দিবনে মিত্ৰদল বিজেপিয়ে - বিজেপি-অগপ মিত্ৰজোটৰ প্ৰাৰ্থী

শেহতীয়াকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত মুখ খুলিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এনে দলে অগপৰ বিন্দু মাত্ৰাও ক্ষতি কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিলে বিধায়কগৰাকীয়ে।

west-guwahati-election-enverionment
মিত্ৰদল হিচাপে বিজেপিয়ে পশ্চিম গুৱাহাটী এৰিবই লাগিবঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

By

Published : Oct 9, 2020, 9:01 PM IST

গুৱাহাটী, 9 অক্টোবৰ : গুৱাহাটীৰ গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি পশ্চিম গুৱাহাটী সমষ্টিৰ কোন হ'ব বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী। ইতিমধ্যেই বিজেপিৰ কেইবাগৰাকীও নেতাই সমষ্টিটোত নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে । তাৰ লগে লগে চৰ্চা চলিছে । পূৰ্বৰ দৰে ২০২১ত পশ্চিম গুৱাহাটী সমষ্টি সহজে এৰি নিদিব বিজেপিয়ে। এনে জল্পনা কল্পনাৰ মাজতে প্ৰতিক্ৰিয়া আহিল পশ্চিম গুৱাহাটীৰ বৰ্তমানৰ বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পৰা। ২০২১ত বিজেপিৰে মিত্ৰজোঁটত থাকিব অসম গণ পৰিষদ। বৰ্তমান অগপৰ দখলত থকা ১৪টাকৈ সমষ্টি বিজেপিয়ে মিত্ৰতাৰ খাতিৰত এৰি দিবই লাগিব। পশ্চিম গুৱাহাটীও ইয়াৰ ব্যতিক্ৰম নহয় । সমষ্টিটোত নিজৰ গণভিত্তি থকাৰ কথা উল্লেখ কৰি ২০২১ত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ক'লে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। লগতে পশ্চিম গুৱাহাটী সমষ্টিত নিৰ্বাচনী তৎপৰতা চলোৱা বিজেপিৰ নেতাসকলৰ সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ।

মিত্ৰদল হিচাপে বিজেপিয়ে পশ্চিম গুৱাহাটী এৰিবই লাগিবঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ইফালে শেহতীয়াকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত মুখ খুলিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এনে দলে অগপৰ বিন্দু মাত্ৰাও ক্ষতি কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিলে বিধায়কগৰাকীয়ে। মুঠৰ ওপৰত নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগে নেতাৰ বাক যুদ্ধ তীব্ৰতৰ হৈ উঠিছে। ইপিনে লক্ষ্যণীয় হ'ব ২০২১ত পশ্চিম গুৱাহাটী দখলৰ বাবে বিজেপিয়ে কেনে ৰণকৌশল প্ৰস্তুত কৰে।

লগতে পঢ়ক: বঙাইগাঁৱত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুই আৰক্ষী জোৱান আটক

ABOUT THE AUTHOR

...view details