অসম

assam

By

Published : Dec 21, 2021, 10:26 PM IST

ETV Bharat / city

ঠেঁহ লাগিল মমতাৰ : অসম চৰকাৰৰ গাৰ্ড অৱ অ'নাৰ প্ৰত্যাখ্যান বংগ কন্যাৰ

অসমলৈ আহি লাগিল ঠেঁহ ৷ অসম চৰকাৰৰ Guard Of Honor লোৱাৰ বাবে অস্বীকাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৷ কামাখ্যা দৰ্শন কৰি সাংবাদিককো নিদিলে কোনো মন্তব্য ৷

CM Mamata Banerjee refuses to take Guard Of Honor
ঠেঁহ লাগিল মমতাৰ

গুৱাহাটী, 21 ডিচেম্বৰ :বৰঝাৰ বিমানবন্দৰত অসম চৰকাৰৰ Guard Of Honor লোৱাৰ বাবে অস্বীকাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (Mamata Banerjee refuses to take Guard Of Honor)। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজ্য চৰকাৰৰ Guard Of Honor প্ৰত্যাখ্যান কৰা কাৰ্যই সৰ্বত্ৰে বেছ চৰ্চা লাভ কৰিছে ৷ কিন্তু কিয় মমতা বেনাৰ্জীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে সেয়া জানিব পৰা হোৱা নাই ৷

উল্লেখ্য যে, মা কামাখ্যাৰ আশিস ল’বলৈ মঙলবাৰে দুপৰীয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee visits Kamakhya Temple) গুৱাহাটীত উপস্থিত হৈছিল । তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে (Chairperson of All India Trinamool Congress) বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰি বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা হয় নীলাচল পাহাৰলৈ । নীলাচলত উপস্থিত হৈ মা কামাখ্যাৰ চৰণত পূজা আগবঢ়ায় পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (Kamakhya temple in Nilachal) ৷

কামাখ্যা মন্দিৰত আশীৰ্বাদ গ্ৰহণ কৰাৰ পিছতে সংবাদ মাধ্যমৰ ওচৰত কোনো মন্তব্য নিদিয়াকৈ পোনে পোনে কলকতালৈ ৰাওনা হয় । সেই সময়তেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা Guard Of Honor আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছিল মমতা বেনাৰ্জীলৈ ৷ আশ্চৰ্যজনকভাৱে এই সন্মান গ্ৰহণৰ বাবে তেওঁ অস্বীকাৰ কৰে ৷

লগতে পঢ়ক :Mamata Banerjee in Assam : মা কামাখ্যাৰ চৰণত আশিস ল’লে মমতা বেনাৰ্জীয়ে

For All Latest Updates

ABOUT THE AUTHOR

...view details