অসম

assam

By

Published : Feb 4, 2022, 5:31 PM IST

ETV Bharat / city

Weather Report: মঙলবাৰৰ পৰা ৰাজ্যত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা

প্ৰচণ্ড শীতে কপাঁইছে ৰাজ্যবাসীক (Harsh cold in Assam) । বিগত ২–৩ দিন ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা কিনকিনিয়া বৰষুণ, ফিৰফিৰিয়া বতাহজাকে আৰু বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (Regional Meteorological Centre)ৰ তথ্য মতে, মঙলবাৰৰ পৰা ৰাজ্যত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা (Weather is likely to be clean) ৷

weather-has-suddenly-changed-in-assam
মঙলবাৰৰ পৰা ৰাজ্যত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

গুৱাহাটী, 4 ফেব্ৰুৱাৰী : ৰাজ্য তথা গুৱাহাটীত হঠাৎ সলনি হৈ পৰিছে বতৰ (Harsh cold in Assam) ৷ বৃহস্পতিবাৰৰ পৰা ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে ঠাই বিশেষে বৰষুণো আৰম্ভ হৈছে ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ (Regional Meteorological Centre) ৰ তথ্য মতে, আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ সকলো ঠাইতে পাতলীয়া বৰষুণ হ’ব ৷ ঠাই বিশেষে বিজুলী ঢেৰেকণিসহ বজ্ৰপাত পৰিব । আকৌ ৰাজ্যৰ ঠাই বিশেষে শিলাবৃষ্টি হ'ব ।

তথ্য মতে, আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ কামৰূপ মহানগৰ, ধুবুৰী, গোলাঘাট, শোণিতপুৰ, নগাঁও, ডিমা হাছাও, কাছাৰ, গোৱালপাৰা, লখিমপুৰ, ডিব্ৰগড়, তিনিচুকীয়া জিলাত সৰ্বনিম্ন তামমাত্ৰা 12 ডিগ্ৰী চেন্টিগ্ৰেডৰ তলত থাকিব । শুকুৰবাৰে ৰাজ্যৰ ভিতৰত উত্তৰ লখিমপুৰত সৰ্বনিম্ন তামমাত্ৰা 9.6 ডিগ্ৰী চেন্টিগ্ৰেড । বৃহস্পতিবাৰে ৰাজ্যৰ ভিতৰত গুৱাহাটীত সৰ্বনিম্ন তামমাত্ৰা 6.8 ডিগ্ৰী চেন্টিগ্ৰেড আছিল বুলি এই তথ্যত উল্লেখ আছে ।

মঙলবাৰৰ পৰা ৰাজ্যত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে শনিবাৰ আৰু দেওবাৰে ৰাজ্যৰ ঠাই বিশেষে বৰষুণ হোৱাৰ লগতে বেছিভাগ ঠাইৰ বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । আকৌ সোমবাৰৰ দিনটোত বেছিভাগ ঠাইৰ বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । মঙলবাৰৰ পৰা ৰাজ্যত বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে (Weather is likely to be clean in Assam from Tuesday) ।

লগতে পঢ়ক :PSO Withdrawal: মুখ্যমন্ত্রীৰ আহ্বানৰ পাছতে প্ৰত্যাহাৰ হ'ল ৭২৬ জন নিৰাপত্তাৰক্ষী

ABOUT THE AUTHOR

...view details