ডিজেলৰ সলনি পেট্ৰল পাম্পত বিক্ৰী হয় পানী - মিডৱে এনাৰ্জি পইন্ট
নংপো থানাৰ অন্তৰ্গত ২০ মাইলৰ মিডৱে এনাৰ্জি পইন্ট পেট্ৰল পাম্পত উত্তেজনা । ডিজেলৰ ঠাইত গাড়ীৰ ইঞ্জিনত ওলাল পানী ।
![ডিজেলৰ সলনি পেট্ৰল পাম্পত বিক্ৰী হয় পানী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3789807-thumbnail-3x2-luu.jpg)
গুৱাহাটী, 9জুলাইঃ অসম মেঘালয় সীমান্তৰ পেট্ৰল পাম্পত তেল ভৰাওতে সাৱধান হওক আপুনি । কিয়নো তেলৰ পৰিৱৰ্তে এতিয়া একাংশ পেট্ৰল পাম্পে গাড়ীত ভৰাইছে পানী । মঙ্গলবাৰে মিডৱে এনাৰ্জি পইন্ট নামৰ এটা পেট্ৰল পাম্পত ডিজেল ভৰাই ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত কেইবাখনো গাড়ীৰ ইঞ্জিন বিকল হৈ পৰে । ব্ৰইলাৰ কুকুৰা কঢ়িয়াই অনা গাড়ীৰ পৰা আৰম্ভ কৰি মালবাহী ট্ৰাকৰ লগতে শ্বিলং ফুৰিবলৈ যোৱা অসমৰ পৰ্যটকৰ কেইবাখনো গাড়ী দিনটোৰ বাবে আবদ্ধ হৈ পৰে । প্ৰথমতে পেট্ৰল পাম্পৰ গৰাকীয়ে এই কথা মানি লোৱা নাছিল যদিও শেষত সকলোয়ে উভতি ধৰাত নিজৰ ভুল স্বীকাৰ কৰে পাম্পৰ কৰ্তৃপক্ষই । এনেদৰে ডিজেলৰ সলনি পানী ওলোৱা কাৰ্যই এতিয়া যাত্ৰী আৰু চালকৰ মাজত সৃষ্টি কৰিছে ৰহস্যৰ ।