অসম

assam

ETV Bharat / city

মহানগৰীৰ চচলত ভোটাৰ্ছ পাৰ্টীৰ প্ৰতিবাদ - Voter's Party

বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত মহানগৰীত চ্চলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলৰ

মহানগৰীৰ চচলত ভোটাৰ্ছ পাৰ্টীৰ প্ৰতিবাদ

By

Published : Aug 22, 2019, 7:03 PM IST

গুৱাহাটী, 22 আগষ্ট : বৃহস্পতিবাৰে মহানগৰীৰ চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভোটাৰ্ছ পাৰ্টিয়ে । হাতে হাতে কাঁহি বাতি লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সংগঠনটোৱে ৷ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত এইদৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেলে । ২০আগষ্টৰ পৰা আৰম্ভ হোৱা এই ধৰ্ণা কাৰ্যসূচীত তৃতীয় দিনাও অংশ লয় শতাধিক প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদস্থলীত কেন্দ্ৰীয় চৰকাৰে অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ তোলে সংগঠনটোৰ । বানপানী ৰাষ্ট্ৰীয় সমস্যা নহয় কিয় আমাক উত্তৰ লাগে, ডি ভোটাৰৰ নামত ৰাজনীতি বন্ধ কৰক, মোডী চৰকাৰ হাই হাই আদি শ্ল'গানেৰে উত্তাল কৰে চচলৰ প্ৰতিবাদস্থলী ৷

মহানগৰীৰ চচলত ভোটাৰ্ছ পাৰ্টীৰ প্ৰতিবাদ

ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেছনেলৰ সভাপতি ললিত পেগুয়ে কয় যে " কেন্দ্ৰীয় চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা নাই । গতিকে তেওঁলোকৰ কৰ্মই অসম খনক নাইকিয়া কৰিব বিচাৰিছে"।

ABOUT THE AUTHOR

...view details