অসম

assam

ETV Bharat / city

কটন বিশ্ববিদ্যালয়ত বিদ্যা বালানৰ চুটি ছবি প্ৰদৰ্শন - কটন বিশ্ববিদ্যালয়ত বিদ্যা বালানৰ চুটি ছবি প্ৰদৰ্শন

আন্তৰ্জাতিক মহিলা দিৱস আৰু ‘মেন এগেইনষ্ট ভায়'লেঞ্চ এণ্ড এবিউছ’ চমুকৈ 'মাভা'ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত শুকুৰবাৰে বলীউডৰ অভিনেত্ৰী বিদ্যা বালানৰ চুটি ছবি ‘নটখাত’ প্ৰদৰ্শন কৰা হয় । মাভাৰ সহযোগত কটন বিশ্ববিদ্যালয়ৰ গণ-সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগ আৰু নাৰী অধ্যয়ন কেন্দ্ৰৰ দ্বাৰা যৌথভাৱে এই অনুষ্ঠানটো আয়োজন কৰা হয় ।

কটন বিশ্ববিদ্যালয়ত বিদ্যা বালানৰ চুটি ছবি প্ৰদৰ্শন
কটন বিশ্ববিদ্যালয়ত বিদ্যা বালানৰ চুটি ছবি প্ৰদৰ্শন

By

Published : Mar 12, 2021, 8:20 PM IST

গুৱাহাটী, ১২ মাৰ্চ:কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মহিলা দিৱস আৰু ‘মেন এগেইনষ্ট ভায়'লেঞ্চ এণ্ড এবিউছ’ চমুকৈ 'মাভা'ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বলীউডৰ অভিনেত্ৰী বিদ্যা বালানৰ চুটি ছবি ‘নটখাত’ প্ৰদৰ্শন কৰা হয় । মহিলাৰ বিৰুদ্ধে হিংসাত্মক ঘটনা প্ৰতিহত কৰাৰ বাবে কাম কৰি অহা অন্যতম পুৰুষ সংগঠন মাভাৰ সহযোগত কটন বিশ্ববিদ্যালয়ৰ গণ-সংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগ আৰু নাৰী অধ্যয়ন কেন্দ্ৰৰ দ্বাৰা যৌথভাৱে এই অনুষ্ঠানটো আয়োজন কৰা হয় ।

‘শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ’ শ্ৰেণীত অ'স্কাৰ-২০২১ৰ দৌৰত থকা চুটি ছবি ‘নটখাত’ৰ প্ৰদৰ্শনৰ পিছত অভিনেতা তথা প্ৰযোজক, বিদ্যা বালান, লেখক অন্নুকাম্পা হৰ্ষ, লেখক-পৰিচালক শান ব্যাস আৰু সহযোগী প্ৰযোজক সানায়া ইৰাণীকে ধৰি ছবিখনৰ কলা-কুশলী আৰু কৰ্মচাৰীৰ সৈতে শিক্ষাৰ্থীসকলৰ অনলাইন বাৰ্তালাপ হয় । এই অনলাইন আলোচনা আঁত ধৰে ৰশ্মি লাম্বা আৰু তনায়া ভট্টাচাৰ্যই ।

মত বিনিময়ৰ সময়ত ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী বিদ্যা বালানে কেনেকৈ চলচ্চিত্ৰৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতা-অভিনেত্ৰীয়ে সমাজত ইতিবাচক পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, সেই বিষয়ে আলোকপাত কৰে ।

মাভাৰ কাৰ্যবাহী পৰিচালক হৰিশ সাদানিয়ে মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ বিৰুদ্ধে থিয় দিয়া পুৰুষসকলে কেনেদৰে একত্ৰীকৰণ, সংবেদনশীল আৰু মহিলাসকলৰ বাবে এক উন্নত স্থানলৈ ৰূপান্তৰ কৰিব পাৰে সেই বিষয়ে উল্লেখ কৰে । আনহাতে, কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত অফলাইন আলোচনাৰ আঁত ধৰে ইক' হাব আৰু বোধানাৰ প্ৰতিষ্ঠাপক নেলচনে।


লগতে পঢ়ক:ৰূপহী মহাবিদ্যালয়ত দ্বিতীয় মহলাৰ পৰা তলত পৰিল ছাত্ৰী

ABOUT THE AUTHOR

...view details