গুৱাহাটী, ১৯ অক্টোবৰঃ অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা অশান্ত আৰু হিংসাত্মক পৰিস্থিতিৰ বুজ লয় কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই । গৃহ সচিব গৰাকীয়ে দিল্লীৰ পৰাই ভিডিঅ' কনফাৰেঞ্চ যোগে অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ আৰু মিজোৰামৰ মুখ্য সচিব লালনুনমাৱিয়া চুৱাংগ'ৰ সৈতে বিষয়টো সম্পৰ্কে আলোচনা কৰে আৰু শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷
দুয়োখন ৰাজ্যৰ মুখ্য সচিবদ্বয়ে ইতিমধ্যে সীমান্তত হোৱা উত্তেজনাময় পৰিস্থিতি শাম কটাবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে কেন্দ্ৰীয় গৃহ সচিব গৰাকীক অৱগত কৰে । প্ৰায় দুঘন্টাজুৰি চলা এই ভিডিঅ' কনফাৰেঞ্চত সীমান্তত জাৰি কৰা সান্ধ্য় আইনৰ বিষয়েও দুয়োখন ৰাজ্যই জানিবলৈ দিয়ে । পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিবলৈ যিকোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাত যাতে কোনো এখন চৰকাৰে কৃপনালি নকৰে তাৰ প্ৰতি চকু ৰাখিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় গৃহ সচিব গৰাকীয়ে ।