গুৱাহাটী, 1 এপ্ৰিল :চুবুৰীয়া ৰাজ্যৰে থকা সীমা বিবাদ মীমাংসা কৰাৰ বাবে অসম চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । ইতিমধ্যে অসম-মেঘালয়ৰ 6 টা বিবাদমান এলেকাৰ মীমাংসাৰ চুক্তিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰিছে । চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদ মীমাংসাৰ বাবে পৰ্যায়ক্ৰমে পদক্ষেপ লোৱা হৈছে ।
ইয়াৰে অংশ স্বৰূপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ৰ নিৰ্দেশ অনুসৰি শুকুৰবাৰে জনতা ভৱনত মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাৰ লগত ভিডিঅ' কনফাৰেন্সযোগে এক বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা (Minister Atul Bora) । বৈঠকত অসম-মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধান সন্দৰ্ভত আলোচনা কৰা হয় (Video Conference held to resolve border issues of Assam-Mizoram border) ।
এইক্ষেত্ৰত মিজোৰামৰ গৃহ মন্ত্ৰীগৰাকীয়ে ইতিবাচক সঁহাৰি প্ৰকাশ কৰে আৰু সীমা সমস্যা সমাধানৰ উদ্দেশ্যে এখন আঞ্চলিক সমিতি গঠনৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰে । লগতে অতি সোনকালেই দুয়োখন ৰাজ্যৰ কোনো এক নিৰ্বাচিত সীমান্ত অঞ্চলত এক বৈঠকত মিলিত হোৱাৰো আশা প্ৰকাশ কৰে মিজোৰামৰ গৃহ মন্ত্ৰীগৰাকীয়ে ।