অসম

assam

ETV Bharat / city

প্ৰবীণ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ শেষ নিশ্বাস ত্যাগ - নটসূৰ্য ফণী শৰ্মা

ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যই আজি শেষ নিশ্বাস ত্যাগ কৰে(Veteran Assamese actress anupama bhattacharya passes away)। তেওঁৰ বিষয়ে জানো আহক কিছু জনা-নজনা কথা ৷

veteran-assamese-actress-anupama-bhattacharya-passes-away
প্ৰবীণ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ শেষ নিশ্বাস ত্যাগ

By

Published : Jan 30, 2022, 7:53 PM IST

গুৱাহাটী, ৩০ জানুৱাৰী:অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যই আজি শেষ নিশ্বাস ত্যাগ কৰে(Veteran Assamese actress anupama bhattacharya passes away)। চিৰাজ , সৰাপাত, নিমিলা অংক, বিপ্লৱী, মানৱ আৰু দানৱ, তৰামাই , মৰম, ৰাংঢালী, আদালত, অকণ আদি বহুকেইখন ছবিতো অভিনয় কৰিছিল এইগৰাকী প্ৰবীণ অভিনেত্ৰীয়ে।

প্ৰবীণ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ শেষ নিশ্বাস ত্যাগ

আনহাতে, ১৯৬৩ চনৰ ২ অক্টোবৰত অচ্যুত লহকৰে জন্ম দিয়া প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰ দল 'নটৰাজ থিয়েটাৰ'ত অভিনয় কৰিছিল অনুপমা ভট্টাচাৰ্যই । সেই হিচাপে তেওঁ ভ্ৰাম্যমানৰ প্ৰথমগৰাকী অভিনেত্ৰী তথা নায়িকা (First female lead of Assamese mobile theatre)। সেই সময়তে মাহে ২০০০ টকাত চুক্তিবদ্ধ কৰা হৈছিল অনুপমা ভট্টাচাৰ্যক । ১১ বছৰ বয়সতে শিৱসাগৰত মঞ্চত নাটকত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলিছিল অনুপমা ভট্টাচাৰ্যই।

তাৰ পিছতে এদিন নটসূৰ্য ফণী শৰ্মা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অনুপমা ভট্টাচাৰ্যৰ ঘৰলৈ গৈ অভিভাৱকক অনুৰোধ কৰিছিল যে তেওঁলোকৰ 'চিৰাজ' ছবিখনত অনুপমা ভট্টাচাৰ্যক অভিনয়ৰ বাবে অনুমতি দিব লাগে । ১৯৪৮ চনত এই ছবিখন মুক্তি পাইছিল।

আনহাতে, বিশিষ্ট অভিনেত্ৰী গৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে (CM expressed deep grief on Anupa bhattacharya's death) । এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে, অভিনেত্ৰীগৰাকীৰ মৃত্যু ৰাজ্যখনৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি । প্ৰয়াত অনুপমা ভট্টাচাৰ্যৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক :Mahatma Gandhi 74th death anniversary: জাতিৰ পিতাক স্মৰণ প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details