অসম

assam

ETV Bharat / city

উৰুকাত সান্ধ্য আইনৰ সময়ৰ সলনি কৰিবলৈ চৰকাৰক আহ্বান উজান বজাৰৰ মাছ ব্যৱসায়ী সন্থাৰ - মুখ্যমন্ত্ৰীলৈ উৰুকাৰ উপহাৰ

উৰুকাৰ দিনটোত সান্ধ্য আইনৰ সময়ৰ সাল-সলনি কৰিবলৈ চৰকাৰক আহ্বান উজান বজাৰ মাছ ব্যৱসায়ী সন্থাৰ (Uzanbazar Fishmongers asking for relaxation on curfew) ৷ উৰুকাৰ বজাৰলৈ অহা আঁৰি বা চিতলৰ সকলোতকৈ ডাঙৰ মাছটো মুখ্যমন্ত্ৰীক উপহাৰ হিচাপে দিব উজান বজাৰ মাছ ব্যৱসায়ী সন্থাই (Uzanbazar Fishmonger's uruka gift to CM Himanta) ।

uzanbazar-fishmongers-association-asking-relaxation-on-curfew-in-uruka
উৰুকাত সান্ধ্য আইনৰ সময়ৰ সলনি কৰিবলৈ চৰকাৰক আহ্বান উজান বজাৰৰ মাছ ব্যৱসায়ী সন্থাৰ

By

Published : Jan 9, 2022, 9:21 PM IST

গুৱাহাটী, ৮ জানুৱাৰী :ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নতুন বিধি-নিৰ্দেশনাত অসন্তুষ্টি প্ৰকাশ কৰিছে উজান বজাৰ মাছ ব্যৱসায়ী সন্থাই (SOP on Magh Bihu)। নতুন নিৰ্দশনা অনুসৰি নিশা দহ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে । উৰুকাৰ দিনটোত সান্ধ্য আইনৰ সময়ৰ সাল সলনি কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সন্থাই (Uzanbazar Fishmongers asking relaxation on curfew in Uruka) ।

এই বিষয় সন্দৰ্ভত উজান বজাৰ মাছৰ বজাৰৰ সাধাৰণ সম্পাদক ভাস্কৰ দাসে কয় যে, অন্ততঃ আগন্তুক ভোগালী বিহুৰ উৰুকাৰ দিনটোত সান্ধ্য আইনৰ সময়ৰ সাল সলনি কৰিব লাগে (Relaxation on curfew in Uruka)। উৰুকা উজান বজাৰ মাছ ব্যৱসায়ী সন্থাৰ ডাঙৰ উৎসৱ । ইয়াৰ প্ৰস্তুতি ৬ মাহ আগৰ পৰা কৰা হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খাল বিলৰ মাছ সেইদিনা এই বজাৰখনলৈ আহে । উৰুকাৰ বাবে ১২ জানুৱাৰীৰ নিশায়েই মাছবোৰ বজাৰলৈ আহে ।

উৰুকাত সান্ধ্য আইনৰ সময়ৰ সলনি কৰিবলৈ চৰকাৰক আহ্বান উজান বজাৰৰ মাছ ব্যৱসায়ী সন্থাৰ

উৰুকাৰ দিনা পুৱা ৩ মান বজাৰ পৰা গ্ৰাহকৰ সমাগম হয় বজাৰখনত । সেয়েহে উৰুকাৰ দিনা সান্ধ্য আইনৰ সময় দুঘন্টা হ’লেও আগুৱাই দিবলৈ চৰকাৰক ব্যৱসায়ী সন্থাই আহ্বান জনাইছে ।

ইপিনে উৰুকাৰ বাবে বজাৰখনলৈ প্ৰতি বছৰৰ দৰে এইবাৰো ৯০-১০০ টন মাছ আহিব । মৰিগাঁও, বৰপেটা, দৰং, তেজপুৰ, হাজো, নলবাৰী আদি স্থানৰ পৰা মাছবোৰ আহিব । আনহাতে, ব্যৱসায়ী সন্থাই উৰুকাৰ বজাৰলৈ অহা আঁৰি বা চিতল সকলোতকৈ ডাঙৰ মাছটো মুখ্যমন্ত্ৰীক উপহাৰ হিচাপে দিব বুলিও জনায় (Uzanbazar Fishmonger's uruka gift to CM Himanta) ।

লগতে পঢ়ক :Preparation for Bhogali Bihu : ৰাতি দহ বজাৰ ভিতৰতে উৰুকাৰ ভোজ খাব ৰঙিয়াবাসীয়ে

ABOUT THE AUTHOR

...view details