দুবছৰে বিচনাখনেই একমাত্ৰ সাৰথি থানেশ্বৰ দাসৰ... - ETV BHARAT
নিয়তিৰ নিষ্ঠুৰতাত দিশহাৰা এটা পৰিয়াল ৷ অচিন ৰোগত আক্ৰান্ত উত্তৰ গুৱাহাটীৰ যুৱক থানেশ্বৰ দাসক প্ৰয়োজন আপোনাৰ কিছু সহায়ৰ...
২ বছৰ ধৰি বিচনাই একমাত্ৰ সাৰথি হোৱা থানেশ্বৰ দাসৰ কৰুণ কাহিনী..
উত্তৰ গুৱাহাটী, 22 জুলাই: অচিন ৰোগত আক্ৰান্ত হৈ বিগত দুবছৰ ধৰি শয্যাসংগী উত্তৰ গুৱাহাটীৰ এজন যুৱক ৷ নাম থানেশ্বৰ দাস ৷ চিকিৎসাৰ নামত ইতিমধ্যে থানেশ্বৰৰ পৰিয়ালটোৱে হেৰুৱালে নিজৰ মাটি-সম্পত্তি ৷ কিন্তু বৰ্তমানেও সুফল পোৱা নাই পৰিয়ালটোৱে ৷ দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দি আছে থানেশ্বৰৰ মাতৃয়ে ৷ এতিয়া থানেশ্বৰৰ চিকিৎসাৰ বাবে পৰিয়ালটোক প্ৰয়োজন কেইবা লক্ষাধিক টকাৰ ৷ সেয়েহে আশাৰে পৰিয়ালটোৱে বাট চাই আছে চৰকাৰৰ লগতে কোনো সদাশয় লোকলৈ ৷
Last Updated : Jul 22, 2019, 5:48 PM IST