গুৱাহাটী, 17 ফেব্ৰুৱাৰীঃদেওবাৰে সামৰণি পৰিল মহানগৰীৰ গাড়ীগাঁওস্থিত ঐতিহ্যমণ্ডিত হজৰত শ্বেইখ জালালউদ্দিন তব্ৰিজী (ৰ:)ৰ দৰগাহ শ্বৰীফত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 112 তম উৰুচ মোবাৰকঅনুষ্ঠানৰ । শনিবাৰে উৰুচ উদযাপন সমিতিৰ সভাপতি ড৹ নুৰ ইছলামে ধৰ্মীয় পতাকা উত্তোলন কৰি শুভাৰম্ভণি কৰা অনুষ্ঠানত পুৱা 9 বজাৰ পৰা নিশালৈকে দৰগাহ শ্বৰীফত সমূহীয়া জিয়াৰত কৰা হৈছিল ।
গাড়ীগাঁৱত উৰুচ মোবাৰকৰ সামৰণি অনুষ্ঠানত অভূতপূৰ্ব পৰিৱেশ - উৰুচ মোবাৰক
সামৰণি পৰিল গাড়ীগাঁওস্থিত ঐতিহ্যমণ্ডিত হজৰত শ্বেইখ জালালউদ্দিন তব্ৰিজী (ৰ:)ৰ দৰগাহ শ্বৰীফত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 112 তম উৰুচ মোবাৰক অনুষ্ঠানৰ ৷ অগণন গুণমুগ্ধৰ ভিৰ পৰিলক্ষিত হৈছিল ৷
ইফালে প্ৰথম দিনাৰ দৰেই দ্বিতীয় দিনটোত বিভিন্ন ধৰ্মাম্বলীৰ অগণন লোকৰ সমাগম ঘটে এই অনুষ্ঠানত । সমাজৰ অসূয়া-অমংগল দূৰ হৈ যাতে শান্তি বিৰাজমান হয় তাৰেই কামনা কৰে সকলোৱে । তদুপৰি সামৰণি অনুষ্ঠানত কেৰাত পাঠৰ লগতে বৰ্তমান পৰিস্থিতি সন্দৰ্ভত এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় । উক্ত আলোচনা চক্ৰত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইয়াৰ পাচতেই মিলাদ শ্বৰীফ আৰু বিশ্ববাসীৰ শান্তিৰ উদ্দেশ্যে আল্লাহৰ ওচৰত সমূহীয়া দোৱা কৰা হয় ।
উল্লেখযোগ্য যে, প্ৰতিবছৰে অঞ্চলটোৰ হিন্দু-মুছলমান ৰাইজ মিলি আয়োজন কৰি আহিছে এই উৰুচ মোবাৰকৰ । শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট থকাৰ লক্ষ্যৰে সকলোৱে একত্ৰিত হৈ অনুষ্ঠিত কৰে এই উৰুচ মোবাৰক ।