গুৱাহাটী, 29 ফেব্ৰুৱাৰীঃ 2008 চনত আইন শৃংখলা ব্যৱস্থা উন্নত নোহোৱা বাবে সমষ্টি সমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া স্থগিত কৰা হৈছিল । অধিসূচনা অনুসৰি বৰ্তমান সময়ত আইন শৃংখলা বাতাবৰণ উন্নত হৈছে । CAA বিৰোধী আন্দোলন,বিটিএডিত চলি থকা অবড়ো আন্দোলন,তীব্ৰ গতিত চলি থকা অৱস্থাত অধিসূচনা জাৰি কৰা যুক্তি ভিত্তিহীন বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই । তেওঁ ইয়াৰ গুৰিতে শাসকীয় দলৰ ৰাজনৈতিক অংকৰ কথা উল্লেখ কৰে ।
তেওঁ লগতে কয়, CAA বিৰোধী আন্দোলনৰ বাবে বিজেপি আৰু অগপই খিলঞ্জীয়া সমৰ্থন হেৰুৱাব তাৰ বাবে সমষ্টি পুনৰ গঠন কৰি খিলঞ্জীয়া সমষ্টি হ্ৰাস কৰিব আৰু বাংলাদেশী অধ্যুষিত অঞ্চলত সমষ্টি বাঢ়ি যাব । ইতিমধ্যে বৰ্তমান চৰকাৰে NRCত বিদেশীৰ নাম সুমুৱাই তেওঁলোকৰো সমৰ্থন লাভ কৰিব । যোৱা 40 বছৰে খিলঞ্জীয়া নেতাই খিলঞ্জীয়াক ঠগি আছে,এইটো আৰু এটা উদাহৰণ ! যেতিয়া নেতা সকলে 6 নং দফাৰ নামত সমষ্টি সংৰক্ষণ কৰি ল’ব তেতিয়া তেওঁলোক বাংলাদেশী ভোটত নিৰ্বাচিত হৈ থাকিব পাৰিব । যেতিয়া NRCত 70 লাখ বিদেশী অন্তৰ্ভুক্ত হোৱা বুলি ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আন নেতাসকলে কৈয়ে থাকে আৰু পুনৰ পুনৰ নিৰিক্ষণৰ দাবী কৰে,যি পুনৰ নিৰিক্ষণৰ ক্ষমতা স্বয়ং চৰকাৰৰ হাততেই আছে । যদি প্ৰকৃততে পুনৰীক্ষণ হয় তেন্তে বহু কিছু সমষ্টিত নাগৰিকৰ জনসংখ্যা হ্ৰাস পাব ৷