গুৱাহাটী, 30 জানুৱাৰী : দেওবাৰে গুৱাহাটী প্ৰেছক্লাৱত সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতি (Assam Unmarried Women Development Committee) ৰ এখন সংবাদমেল অনুষ্ঠিত হয় ৷ এই সংবাদমেলৰ জৰিয়তে সদৌ অসম অবিবাহিতা মহিলা উন্নয়ন সমিতিয়ে অবিবাহিত মহিলাৰ বাবে চৰকাৰক পৃথক আঁচনি লবলৈ দাবী জনায় ৷
দেওবাৰে গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত হোৱা এই সংবাদমেলত সমিতিৰ সভানেত্ৰী ৰীতা হাজৰিকাই উপস্থিত থাকি কয় যে, অবিবাহিতা বুলিলে সমাজৰ বহুতে অলপ বেলেগ ভাৱে ধৰি লয় । ইয়াৰ মাজতেই পৰনিৰ্ভৰশীল হোৱা প্ৰায় সকল বাই- ভনীৰ স্বাভাৱিক জীৱন সুখ শান্তি তথা সুৰক্ষিত নহয় । তাৰে আকৌ একাংশ নিজৰ আত্মীয় স্বজনৰ ওচৰতে লাঞ্চিত-বঞ্চিত, শোষণ-দমন, অৱহেলিত আৰু নিৰ্যাতিত হৈ আছে ।
চৰকাৰে অৰুণোদয় আঁচনিৰ(Assam Orunodoi Scheme) দ্বাৰা এই অবিবাহিতসকলক সামৰি লৈছে যদিও অৰুণোদয় আঁচনিৰ সলনি এক পৃথক আঁচনিৰ দাবী কৰে সভানেত্ৰীগৰাকীয়ে (Unmarried Women organization asking replacement of Orunodoi scheme) ৷