অসম

assam

ETV Bharat / city

উত্তৰ-পূৱ পৰিষদলৈ পুজি কৰ্তন দিল্লীৰ : গেঠেলা মাৰিছে ডেৰকুৰি আঁচনি - union reduces money allotment to nec

উত্তৰ পূৱ পৰিষদলৈ আৱন্টিত পুজি কেন্দ্ৰীয় চৰকাৰে আৱন্তন কৰা ধনৰ পৰিমাণ হ্ৰাস পাইছে ৷ পৰিণতিত স্থবিৰতাই দেখা দিছে উত্তৰ-পূৱ পৰিষদ(North Eastern Council)ৰ দ্বাৰা অসমত ৰূপায়িত হৈ থকা প্ৰায় ২৭ টা কেন্দ্ৰীয় প্ৰকল্পৰ কামত ৷ সবিশেষ জানো আহক ৷

Union reduces money allotment to NEC future of projects in question
উত্তৰ-পূৱ পৰিষদলৈ পুজি কৰ্তন দিল্লীৰ : গেঠেলা মাৰিছে ডেৰকুৰি আঁচনি

By

Published : Dec 11, 2021, 4:50 PM IST

গুৱাহাটী, ১১ ডিচেম্বৰ :উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে ১৯৭১ চনতে গঠন কৰা উত্তৰ-পূৱ পৰিষদ(North Eastern Council)ৰ দ্বাৰা অসমত ৰূপায়িত হৈ থকা প্ৰায় ২৭ টা কেন্দ্ৰীয় প্ৰকল্পৰ কাম সম্প্ৰতি গেঠেলা মাৰিছে । এই ডেৰকুৰিতকৈও অধিক প্ৰকল্প এতিয়া সম্পূৰ্ণ হৈ উঠিব নে নাই তাক লৈও অনিশ্চয়তাই দেখা দিছে(Question on implementation of NEC projects) । ইতিমধ্যে এই প্ৰকল্প সমূহ সম্পূৰ্ণ হোৱাৰ সময়সীমা কেতিয়াবাই উকলিছে ।

একমাত্ৰ দিল্লীয়ে উত্তৰ পূৱ পৰিষদলৈ ধাৰাবাহিকভাবে পুজি কৰ্তন কৰি অহাৰ বাবেই দেখা দিছে এই স্থবিৰতাই (Decrease in money allotment to NEC) । মনকৰিবলগীয়া যে, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱ পৰিষদৰ বাবে ধাৰ্য কৰিছিল ১৪৮৫ কোটি টকা । কিন্তু অতি ৰহস্যজনকভাবে পিছত সংশোধিত বাজেটত এই পৰিমাণ ১২২৫.৬৭ কোটি টকালৈ হ্ৰাস কৰা হয় ।

তাতোকৈ ডাঙৰ কথা বাজেট হ্ৰাস কৰাৰ পিছতো কিন্তু দিল্লীয়ে পৰিষদখনক মোকলাই নিদিলে সমুদায় ধন । ১২২৫.৬৭ কোটিৰ ভিতৰত মোকলাই দিলে মাত্ৰ ৮৮৮.৫২ কোটি টকাহে ৷

ঠিক একেদৰে ২০২০-২১ আৰু ২০১৯-২০ ত উত্তৰ পূৱ পৰিষদলৈ আৱন্টিত পুজি কেন্দ্ৰীয় চৰকাৰে ক্ৰমে ৮৫২.৫২ কোটি টকা আৰু ১২৪৩.২৮ কোটি টকালৈ হ্ৰাস কৰিছিল(Union reduces money allotment to NEC) । মুঠতে বিগত পাঁচটা বছৰত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱ পৰিষদলৈ প্ৰথমে ৬৩৪২.১৮ কোটি টকা ধাৰ্য কৰে যদিও পিছত সেই পৰিমাণ ৫৫৬৫.৭৭ কোটি টকালৈ হ্ৰাস কৰে আৰু অৱশেষত সেই ধনো সম্পূৰ্ণ ৰূপে মোকলাই দিয়াৰ পৰিবৰ্তে মোকলাই দিয়ে মাত্ৰ ৫০৭৪.৭৯ কোটি টকাহে ।

লগতে পঢ়ক :Assam Cabinet decisions : কেবিনেটৰ 10 টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

ABOUT THE AUTHOR

...view details