অসম

assam

ETV Bharat / city

অসমৰ শক্তি খণ্ড নতুন ৰূপত বিকশিত হৈ উঠিছে : কেন্দ্ৰীয় শক্তি মন্ত্রী

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন খণ্ডৰ ব্যক্তি, অৰ্থনীতিবিদ, জ্যেষ্ঠ নাগৰিক আৰু বুদ্ধিজীৱিৰে মত বিনিময় কেন্দ্রীয় শক্তি মন্ত্ৰী ৰাজ কুমাৰ সিঙৰ (union power minister RK singh on union budget 2022) । অসমৰ শক্তি খণ্ডৰ উন্নয়নক ভূয়সী প্রশংসা। দেশৰ সকলাে ৰাজ্যৰ মুখ্যমন্ত্রীকে অসম চৰকাৰে শক্তিখণ্ডৰ কাৰণে গ্ৰহণ কৰা পদক্ষেপ সমূহ অনুসৰণ কৰিবলৈ আহ্বান জনাই পত্র প্ৰেৰণ কৰা হৈছে ।

By

Published : Feb 6, 2022, 10:35 PM IST

union power minister RK singh on union budget 2022-23
অসমৰ শক্তি খণ্ড নতুন ৰূপত বিকশিত হৈ উঠিছে : কেন্দ্ৰীয় শক্তি মন্ত্রী

গুৱাহাটী, ৬ ফ্রেব্রুৱাৰী:কেন্দ্রীয় চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বাজেটত( Union budget 2022) ভৱিষ্যত সােণালী ভাৰতৰ ৰূপৰেখা প্রতিফলিত হৈছে। এই মন্তব্য কেন্দ্ৰীয় শক্তি মন্ত্রী ৰাজ কুমাৰ সিঙৰ (union power minister RK singh on union budget 2022) । দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত 'আত্মনিৰ্ভৰ অৰ্থব্যৱস্থা' শীৰ্ষক বাজেট সম্পৰ্কীয় এক অনুষ্ঠানত ভাগ লৈ কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে এইদৰে কয়। ৰাজ্যৰ বিভিন্ন খণ্ডৰ বিশিষ্ট ব্যক্তি, বুদ্ধিজীৱি, জ্যেষ্ঠ নাগৰিক আৰু অর্থনীতিবিদ সকলৰ সৈতে কেন্দ্রীয় বাজেট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে মত বিনিময় কৰে (Union power minister RK singh's interactive session Guwahati ) ।

অসমৰ শক্তি খণ্ড নতুন ৰূপত বিকশিত হৈ উঠিছে : কেন্দ্ৰীয় শক্তি মন্ত্রী

ভাষণ প্রসংগত সিঙে কেন্দ্রীয় চৰকাৰৰ ২০২২-২৩ বাজেটক উন্নয়নমুখী আৰু কল্যাণকামী হিচাপে অভিহিত কৰি কয় যে বাজেটত ভৱিষ্যত সােণালী ভাৰতৰ ৰূপৰেখা প্রতিফলিত হৈছে। দেশৰ অর্থনৈতিক ব্যৱস্থাৰ ওপৰত মত প্রকাশ কৰি কেন্দ্রীয় মন্ত্রী গৰাকীয়ে কয় যে নৰেন্দ্র মােদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰৰ শাসনত দেশৰ অর্থনৈতিক ব্যৱস্থা পূর্বতকৈ যথেষ্ট শক্তিশালী হৈ উঠিছে ।

শেহতীয়া দুটাকৈ বছৰ মহামাৰী কৰ'ণাই দেশৰ আর্থিক ব্যৱস্থা জোকাৰি যােৱাৰ পাছতাে ভাৰতৰ জিডিপি ৯.২ শতাংশলৈ বৃদ্ধি পাইছে, আগন্তুক সময়ত ইয়াৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাব।

কংগ্ৰেছ দলে এই বাজেটক পুঁজিপতিৰ বাজেট বুলি কৰা মন্তব্যক নস্যাৎ কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কংগ্ৰেছক উভতি ধৰি প্রশ্ন কৰি কয় যে, যিখন বাজেটত আন্তঃগাঁথনি নির্মাণৰ বাবে বৃহৎ পৰিমাণৰ ধন ধার্য কৰা হৈছে, দৰিদ্ৰ জনসাধাৰণক বিনামূলীয়া গৃহ প্রদানৰ কথা উল্লেখ আছে, প্রতিঘৰ দৰিদ্ৰৰ গৃহত পানী যােগান সংযােগ, বিদ্যুৎ সংযােগৰ কথা উল্লেখ আছে, প্রতিঘৰৰ গৃহিনীক বিনামূলীয় গেছ সংযােগ প্রদানৰ কথা উল্লেখ আছে , দেশৰ লাখ লাখ যুৱক-যুৱতীক চৰকাৰী কর্মসংস্থাপন প্রদানৰ বাবে ৰাজহুৱা খণ্ডক ধন বিনিয়ােগৰ বিষয়ে উল্লেখ আছে, সেইখন বাজেট কেনেকৈ পুঁজিপতিৰ বাজেট হ'ব পাৰে।

অসম তথা উত্তৰ-পূর্বাঞ্চল সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে এনডিএ নেতৃত্বাধীন ভাৰত চৰকাৰে সদায় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে দৃঢ়তাৰে কাম কৰি আহিছে । প্রসংগক্রমে তেওঁ কেন্দ্রীয় চৰকাৰে ২০২২-২০২৩ বৰ্ষৰ বাজেটত অসমৰ লগতে উত্তৰ-পূর্বাঞ্চললৈ যােগাযােগ, পৰিবহণ খণ্ডৰ লগতে অন্যান্য খণ্ডৰ উত্তৰণৰ বাবে আগবঢ়োৱা ২,৮০০ কোটি টকাৰ কথা উল্লেখ কৰে ।

তেওঁ লগতে বাজেটত ৰাজ্যত নতুনকৈ নির্মাণ হ'বলগীয়া পথ আন্তঃগাঁথনি, চাৰিখনকৈ মেগা ফুড পার্কৰ বাবে ২০ হাজাৰ কোটি টকা ধার্য কৰাৰ কথাও উল্লেখ কৰে। ৰাজ্যৰ শক্তি খণ্ডৰ ভূয়সী প্রশংসা কৰি কেন্দ্রীয় মন্ত্রী গৰাকীয়ে কয় যে বিজেপি চৰকাৰৰ দিনত অসমৰ শক্তি খণ্ডই এক নতুন ৰূপত বিকশিত হৈ উঠিছে। সেয়ে দেশৰ সকলাে ৰাজ্যৰ মুখ্যমন্ত্রীকে অসম চৰকাৰে শক্তিখণ্ডৰ কাৰণে গ্ৰহণ কৰা পদক্ষেপ সমূহ অনুসৰণ কৰিবলৈ আহ্বান জনাই প্রত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ইতিমধ্যে তেওঁ পত্র প্রেৰণ কৰিছে বুলি কয়।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কেন্দ্রীয় মন্ত্রী ৰাজ কুমাৰ সিঙক ধন্যবাদ জনাই কয় যে ২০২২-২৩ বৰ্ষৰ বাজেটে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্র দেশকে উপকৃত কৰিব বুলি আমি আশাবাদী। উল্লেখ্য যে, অনুষ্ঠানৰ আৰম্ভণিতে আজি মৃত্যুবৰণ কৰা কোকিলকণ্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰৰ প্ৰতিছব্বিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতেৰ আত্মাৰ সদগতিৰ কামনা কৰি মৌন প্রার্থনা কৰা হয়।
লগতে পঢ়ক :মাজুলীৰ উপ-নিৰ্বাচন : ১০ ফেব্ৰুৱাৰীৰ পিছত চূড়ান্ত হব বিজেপিৰ প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details