গুৱাহাটী, ২৭ অক্টোবৰ : অসমত ৩১ মাৰ্চৰ ভিতৰত স্থাপন কৰা হ’ব মুঠ ৫৭ টাকৈ নতুন বেংক । অসমৰ জনসংখ্যা অনুপাতে বেংকৰ সংখ্যা কম হোৱাৰ বাবে জনসাধাৰণে বিত্তীয় লেনদেনত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । এই অসুবিধাসমূহৰ কথা অনুভৱ কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগতে জম্মু আৰু কাশ্মীৰলৈ গৈ অৰ্থনৈতিক উন্নয়নৰ হেঙাৰসমূহ অধ্যয়ন কৰি উন্নয়ন ক্ষীপ্ৰ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ দায়িত্ব দিছে ৷ এই বক্তব্য ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডাঃ ভাগৱত কিষাণ ৰাও কাৰাডৰ ।
তেওঁ সেয়েহে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম, মণিপুৰ, ত্ৰিপুৰালৈ জনসাধাৰণৰ বিত্তীয় সা-সুবিধাৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ অহাৰ কথা জানিবলৈ দিয়ে ৷ তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে অহা কাৰাডেয়ে বুধবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত ঋণ প্ৰসাৰৰ এক কাৰ্যসূচীত ভাগ লৈ এই কথা ব্যক্ত কৰে ৷
জিলা অগ্ৰণী বেংক কাৰ্যালয়ৰ সহযোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰা এখন সভাত অংশলৈ মন্ত্ৰীগৰাকীয়ে ধন জন যোজনা, মুদ্ৰা লোণ আদি আঁচনিয়ে দেশৰ সামগ্ৰিক হাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে বুলি ব্যক্ত কৰি সন্তোষ প্ৰকাশ কৰে । একেদৰে ৰাজ্যৰ কিষাণ ক্ৰেডিট কাৰ্ডৰ হিতাধিকাৰীৰ ক্ষেত্ৰতো তেওঁ সন্তুষ্টি ব্যক্ত কৰে ।