অসম

assam

By

Published : Sep 4, 2022, 9:15 PM IST

ETV Bharat / city

গুৱাহাটীত সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি

কেন্দ্ৰীয় সংসদীয় ব'ৰ্ড আৰু নিৰ্বাচন প্ৰৱন্ধন কৰ্ণধাৰ সমিতিৰ সদস্য নিৰ্বাচিত হোৱাৰ পাছত দেওবাৰে প্ৰথমবাৰৰ বাবে অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বৰঝাৰ বিমানবন্দৰত দলীয় নেতা-কৰ্মীসকলে উষ্ণ আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক(Sonowal received a huge welcome in Guwahati) । সোমবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেন্টাৰত অভিনন্দন অনুষ্ঠানৰ আয়োজন ।

Union Minister Sarbananda Sonowal received a huge welcome in Guwahati
গুৱাহাটীত সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি

গুৱাহাটী,৪ ছেপ্টেম্বৰ:বিজেপিৰ কেন্দ্ৰীয় সংসদীয় ব'ৰ্ড আৰু নিৰ্বাচন প্ৰৱন্ধন কৰ্ণধাৰ সমিতিৰ সদস্য(BJP parliamentary Board) নিৰ্বাচিত হোৱাৰ পাছত দেওবাৰে প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(BJPs Parliamentary Board member Sarbananda Sonowal ) । বিয়লি গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে দলীয় নেতা-কৰ্মীসকলে তেওঁক উষ্ণ আদৰণি জনায় । মন্ত্ৰী বিমল বড়াকে ধৰি দলৰ ৰাজ্যিক নেতৃত্ব আৰু জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে তেওঁক আদৰণি জনায় ।

গুৱাহাটীত সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি

বিমানবন্দৰৰ পৰা তেওঁ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়ত উপস্থিত হয় । তেওঁ নতুন কাৰ্যালয় ভৱনটো পৰিদৰ্শন কৰি কয় যে অসম প্ৰদেশৰ বশিষ্ঠস্থিত নতুন কাৰ্যালয় ভৱনটোৱে দলৰ সাংগঠনিক কাম-কাজ অধিক ত্বৰান্বিত কৰাত সহায় কৰিব । বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতে তেওঁ বশিষ্ঠস্থিত নৱনিৰ্মিত কাৰ্যালয় ভৱনত সৌহাৰ্দপূৰ্ণ সাক্ষাৎ কৰে ।

গুৱাহাটীত সৰ্বানন্দ সোণোৱালক বিপুল আদৰণি

আনহাতে সোণোৱালক সংগ দিয়ে দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী বিমল বড়া প্ৰমুখ্যে দলৰ ৰাজ্যিক উপ-সভাপতি, সাধাৰণ সম্পাদককে ধৰি দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলে । ইয়াৰ পাছত তেওঁ উজান বজাৰস্থিত দলৰ উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যালয় 'পদ্ম ভৱন'ত উপস্থিত হয় । সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, "দলে দিয়া দায়িত্ব মই নিষ্ঠাসহকাৰে পালন কৰিম ।" দেশসেৱাৰ বাবে উত্তম সুযোগ পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে দিয়া দায়িত্ব তেওঁ পালন কৰি যাব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজক লৈ তেওঁ অত্যন্ত সুখী বুলি উল্লেখ কৰি কয় যে লোকসভা নিৰ্বাচনত 'নেডা'ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই বিশেষ আগভাগ ল'ব । তেওঁ কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰে বিজেপিয়ে সমৰ্থন পাইছে । ইয়াৰ পাছত তেওঁ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয় আৰু বৰবাৰীৰস্থিত সুদৰ্শনালয়ত উপস্থিত হয় । ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত উপস্থিত হৈ তেওঁ দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে ।

উল্লেখ্য যে, বিজেপিৰ সংসদীয় বৰ্ড আৰু নিৰ্বাচনী সমিতিৰ সদস্য হিচাপে মনোনীত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সোমবাৰে দিনৰ ২.৩০ বজাত গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেন্টাৰত অভিনন্দন জনোৱা হ'ব । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ বাবে আয়োজন কৰা অনুষ্ঠানটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভবেশ কলিতা প্ৰমুখ্যে অন্যান্য নেতৃবৃন্দ উপস্থিত থাকিব ।

লগতে পঢ়ক:শৰ্মা কেবিনেটক আদৰিবলৈ কোকৰাঝাৰ ৰমক-জমক

ABOUT THE AUTHOR

...view details