অসম

assam

ETV Bharat / city

অসমৰ সমষ্টি পুণঃনিৰ্ধাৰণৰ ৰাজপত্ৰিত জাননী জাৰি - অসমৰ সমষ্টি পুণঃনিৰ্ধাৰণৰ ৰাজপত্ৰিত জাননী জাৰি

সমষ্টিসমূহৰ সীমা পুণঃনিৰ্ধাৰণ প্ৰক্ৰিয়াটো 2008 চনতে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল যদিও সেই সময়ত আইন শৃংখলাজনিত কাৰণত অসমক এই প্ৰক্ৰিয়াৰ পৰা বাদ দিয়া হৈছিল ৷ অসমৰ বাহিৰেও বাদ পৰিছিল মণিপুৰ,নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ ৷ বহু বিতৰ্কৰ অন্তত কেন্দ্ৰীয় আইন মন্ত্ৰনালয়ে জাৰি কৰিলে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টি সমূহৰ সীমা পুণঃনিৰ্ধাৰণৰ ৰাজপত্ৰিত জাননী ৷

Union Law Ministry issued gazetted notification to restructure the borderline of LAC and LS constituencies in Assam
অসমৰ সমষ্টি পুণঃনিৰ্ধাৰণৰ ৰাজপত্ৰিত জাননী জাৰি

By

Published : Feb 29, 2020, 4:15 PM IST

গুৱাহাটী,29 ফেব্ৰুৱাৰীঃবহু বিতৰ্কৰ অন্তত কেন্দ্ৰীয় আইন মন্ত্ৰনালয়ে জাৰি কৰিলে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টি সমূহৰ সীমা পুণঃনিৰ্ধাৰণৰ ৰাজপত্ৰিত জাননী ৷ ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছতে এই জাননী জাৰি কৰা হয় । উল্লেখ্য যে,সমষ্টিসমূহৰ সীমা পুণঃনিৰ্ধাৰণ প্ৰক্ৰিয়াটো 2008 চনতে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল যদিও সেই সময়ত আইন শৃংখলাজনিত কাৰণত অসমক এই প্ৰক্ৰিয়াৰ পৰা বাদ দিয়া হৈছিল ৷ অসমৰ বাহিৰেও বাদ পৰিছিল মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ ৷

কিন্তু শুকুৰবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰনালয়ে অসম, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচলক বাদ দি জাৰি কৰা 2008 চনৰ সেই নিৰ্দেশটো প্ৰত্যাহাৰ কৰে আৰু উত্তৰ-পূৱৰ এই চাৰিওখন ৰাজ্যতে সমষ্টি পুণঃনিৰ্ধাৰণৰ বাবে নতুন ৰাজপত্ৰিত জাননী জাৰি কৰে ৷ 2002 চনতে সংসদত গৃহীত হৈছিল সমষ্টি পুণঃনিৰ্ধাৰণ আইনখন । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল সমষ্টি পুণঃনিৰ্ধাৰণ আয়োগ । এই আয়োগেই চোৱাচিতা কৰি আহিছে সমস্ত বিষয়টো । শুকুৰবাৰে জাননী জাৰি কৰাৰ লগে লগে অসমৰ ১৪ টা লোকসভা সমষ্টি আৰু ১২৬ টা বিধানসভা সমষ্টিৰ সীমা নতুনকৈ নিৰ্ধাৰণ হোৱাটো নিশ্চিত হৈ পৰে ৷

লগতে পঢ়ক-অখিল গগৈৰ স্বাস্থ্য়ৰ অৱনতি

ABOUT THE AUTHOR

...view details