অসম

assam

ETV Bharat / city

অসমত জল জীৱন মিছনৰ কাম-কাজৰ শলাগ কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰীৰ - Union Government's Jal Shakti Minister

সোমবাৰে জল জীৱন মিছন আঁচনি আৰু স্বচ্ছ ভাৰত মিছন-গ্ৰামীণৰ অগ্ৰগতিৰ সন্দৰ্ভত গুৱাহাটীৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত জল জীৱন মিছন আঁচনি আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ কাম-কাজ (jal jeevan mission implementation in Assam ) লৈ সন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱতে ।

Meeting with Hon’ble Union Jal Shakti Minister Gajendra Singh Sekhawat
উত্তৰ পূৱৰ শলাগ ল’লে কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱতে

By

Published : Feb 28, 2022, 10:56 PM IST

গুৱাহাটী, 28 ফেব্ৰুৱাৰী : অসমত হোৱা জল জীৱন মিছন আঁচনি আৰু স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ কাম-কাজ লৈ সন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱতে । সোমবাৰে জল জীৱন মিছন আঁচনি আৰু স্বচ্ছ ভাৰত মিছন-গ্ৰামীণৰ অগ্ৰগতিৰ সন্দৰ্ভত গুৱাহাটীৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷

উত্তৰ পূৱৰ শলাগ ল’লে কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱতে

এই বৈঠকত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং চেখাৱতৰ (Union Government's Jal Shakti Minister Gajendra Singh Sekhawat ) লগত আলোচনাত মিলিত হয় অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ মন্ত্ৰীৰ লগত উত্তৰ-পূৱৰ কেইবাখন ৰাজ্যৰ প্ৰতিনিধি । এই বৈঠকতে দেশৰ অন্য ঠাইৰ তুলনাত উত্তৰ পূৱৰ যথেষ্ট অগ্ৰগতি হৈছে বুলি উল্লেখ কৰি উপস্থিত ৰাজ্যকেইখনৰ প্ৰতিনিধিৰ শলাগ লয় কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে (jal jeevan mission implementation in Assam) ৷

ইয়াৰ লগতে, আগন্তুক 2024 চনৰ মাৰ্চ ভিতৰত অসমত প্ৰায় 63 লাখ পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি 2023 ৰ ভিতৰত উত্তৰ-পূৱৰ বাকী ৰাজ্যত পানী যোগান সম্ভৱ হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গজেন্দ্ৰ সিং ছেখাৱতে ।

আনহাতে, 2019 চনৰ 15 আগষ্টলৈ নিম্ন আধাৰ 1,11,311 সৈতে আৰম্ভ কৰা মুঠৰ প্ৰায় 1.75 শতাংশ আৰু বৰ্তমান প্ৰায় 20.24 865 টা পৰিয়ালক মুঠৰ প্ৰায় 32 শতাংশ এফ.এইচ.টি.চি. প্ৰদান কৰিছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে নতুন আঁচনি আৰু পুৰণি আঁচনি সকলোকে ধৰি বিভিন্ন প্ৰকাৰৰ আঁচনিৰ জৰিয়তে ইতিমধ্যে প্ৰায় 44.60 লাখ এফএইচটিচি পৰিকল্পনা কৰা হৈছে বুলি জানিব দিয়ে মন্ত্ৰীগৰাকীয়ে ।

8,142 টা ৰেট্ৰোফিটিং প্ৰকল্পৰ পৰিমাণ হৈছে 5, 909.29 কোটি টকা বুলি উল্লেখ কৰি ২০২২ চনৰ জুন মাহৰ ভিতৰত বাকী থকা এফএইচটিচিৰ বাবে পৰিকল্পনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ৰাজ্যৰ অগ্ৰাধিকাৰ ইতিমধ্যে ফ্লেগ কৰা হৈছে বুলি জানিব দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

চাহ খণ্ড হৈছে অসমৰ এক মুখ্য উদ্যোগ আৰু ই এক বৃহৎ অংশৰ লোকক জীৱিকা প্ৰদান কৰে, সেয়েহে আমাৰ চৰকাৰে জেজেএমৰ অধীনত 802 টা চাহ বাগিচাৰ আৱৰণ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ৷ 656.16 কোটি টকাৰ সকলো বাগিচাসামৰি 568 টা আঁচনি হাতত লোৱা হৈছে বুলি এই বৈঠকত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :নিৰ্বাচনী প্ৰচাৰৰ বাবে মঙলবাৰে পুনৰ মণিপুৰলৈ ড৹ হিমন্তবিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details